ASSAM TIMES POST
নিউজ ডেস্ক
২০১২ চনৰ নৱেম্বৰত যেতিয়া জনগণৰ সন্মুখলৈ আহিছিল আম আদমী পার্টী, তেতিয়া জানো কোনোবাই ভাবিছিল নতুন এই দলটোৱে আগন্তুক ৮ বছৰৰ ইতিহাস গঢ়িব? কেৱল ইতিহাসেই নহয়, ওলোটাই দিব সকলো হিচাব-নিকাচ? কোনো ৰাজনৈতিক পৰিচিতি অবিহনেই এটি ৰাজনৈতিক দল প্রতিষ্ঠা কৰাই নহয় কংগ্রেছ, বিজেপিৰ দৰে বিয়াগোম দলকো পিছ পেলাই তিনবাৰকৈ আহিব দিল্লীৰ ক্ষমতালৈ।
অতি বেছি আশাবাদীয়েও বোধহয় ভবা নাছিল ডিঙিত মাফলাৰ, গাত চুৱেটাৰ পৰিহিত এই মানুহজনে ধূলিসাৎ কৰিব ৰাজধানীৰ দিগ্বজ ৰাজনীতিকক। খড়্গপুৰ আইআইটি, টাটা ষ্টীলৰ লোভনীয় চাকৰি বাদ দিও কেনেদৰে সমালোচকসকলৰ বিদ্রুপৰ ‘মাফলাৰ মেন’ হৈ পৰিল দিল্লীৰ কনিষ্ঠতম মুখ্য মন্ত্রী।
অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক যাত্ৰাৰ আনন্দবজাৰ পত্ৰিকাই যুগুত কৰা এক অৱলোকন চাওক।