ASSAM TIMES POST
ডিফু : অসম চৰকাৰৰ নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আৱৰ্ত পূঁজীৰ জৰিয়তে ডিফু পৌৰ নিগমৰ উদ্যোগত আজি ডিফুৰ তাৰালাংছ’ত ১০০ টা আত্ম সহায়ক গোটৰ মহিলা সকলৰ মাজত ১০ হাজাৰ টকাকৈ আনুষ্ঠানিক চেক বিতৰণ কৰা হয় ৷ তাৰালাংছ’ৰ ছিংমিৰজেং আচেথাই (মঞ্চ)ত অনুষ্ঠিত এক অনুষ্ঠানত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিক ভাবে চেক সমূহ বিতৰণ কৰে ৷ চেক সমূহ বিতৰণ কৰি দিয়া ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে উক্ত আৱৰ্ত পূঁজীৰ ধনৰ সৎ ব্যৱহাৰ কৰিবলৈ মহিলা সকলক আহ্বান জনায় ৷
আনহাতে আজি তাৰালাংছত ডিফু পৌৰ নিগমৰ উদ্যোগত চাফাই অভিযানো চলায় ৷ ডিফু চহৰখনক অসমৰ ভিতৰতে এখন পকিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ক আহ্বান জনায় ৷ ডিফু চহৰ এলেকাৰ প্ৰতি ঘৰত জাবৰ দানিৰ ব্যৱস্থা কৰিবলৈ মহিলা সকলৰ প্ৰতি আহ্বান জনায় ৷ ইয়াৰোপৰি সমাগত ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱ ওপৰৰ পৰা দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীৰ বাবে হেলিকাপ্তাৰৰ ব্যৱস্থা থাকিব বুলি কয় ৷
হেলিকাপ্তাৰৰ পৰা দৰ্শন কৰিবলৈ একোজন দৰ্শনাৰ্থীক ৩ হাজাৰ টকাকৈ পৰিশোধ কৰিব লাগিব বুলি কোৱাৰ লগতে এবাৰত হেলিকাপ্তাৰত ৫ জনকৈ দৰ্শনাৰ্থী উঠিব পাৰে বুলি জনায়৷ আজিৰ আনুষ্ঠানিক চেক বিতৰণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ইএম প্ৰদীপ ডিফুচা, এমএচি ৰিচাৰ্ড টকবী, ডি, উফিং মাচলাই, ৰামচিং তিমুঙ, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙ, ডিফু মিউনিচিপালটি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ আৰু ৱাৰ্ড কমিচনাৰ সকল উপস্থিত থাকে ৷