ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উৎসৱৰ লীলাভূমি তাৰালাংছ’ত ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ শুভাৰম্ভঃ ৫ সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে তাৰালাংছ’ৰ বাকৰিত উখল – মাখল পৰিবেশ

ASSAM TIMES POST by ASSAM TIMES POST
February 16, 2020
Reading Time: 2 mins read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

তাৰালাংছ‘ৰ পৰা কামৰুল খান

১৯৯৪ চনৰ পৰা ডিফুৰ পৰা প্রায় সাত কিঃ মিঃ নিলগত অৱস্থিত তাৰালাংছ’ কাৰবি সাংস্কৃতিক প্ৰকল্পত স্থায়ীভাৱে উদযাপন কৰা কাৰবি যুৱ মহোৎসৱে আজি ৪৬ সংখ্যক বর্ষত উপনীত হৈছে৷ তাৰালাংছ’ লৈ যোৱা পথত ৰাংছিনা ছার্প আদনৰি (তোৰণ), কাৰবি সাংস্কৃতিক প্ৰকল্পৰ মাজভাগতে হেম্ফু মুক্রাং আদনৰি (তোৰণ)ৰ স্থায়ী নির্মাণৰ ওপৰিও অভিযন্তা শিল্পী বদনছিং তিচ্ছৰ ডিজাইন আৰু তত্বাৱধানত নির্মিত কাৰবি মহিলাৰ আভিজাত্যৰ প্রতীক “নথেংপি” (কানফুলি)ৰ কলাকৃতিয়ে সংস্কৃতি প্রেমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে

অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ পূৰ্ণ অংশীদাৰ কাৰবি সমাজৰ জাতীয় মহোৎসৱ স্বৰুপ ৪৬ সংখ্যক কাৰবি যুৱ মহোৎৱ কাইলৈৰ পৰা ৰম্যপুৰী তাৰালাংছ’ৰ বাকৰিত আৰম্ভ হৈছে ৷

IMG 20200216 WA0049 | ASSAM TIMES POST

৫ দিনীয়া কাৰ্যসূচীৰে চলিব লগা সমন্বয়ৰ প্ৰতীক মহোৎসৱ স্থলী আজিৰে পৰা উখল -মাখল পৰিৱেশ। ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে উদযাপিত হৈ থকা কাৰবি যুৱ মহোৎসৱটিত মেলামুখী পৰিবেশৰ মাজতে শ শ দোকান- পোহাৰ প্ৰদৰ্শনীথলী, পৰাম্পৰাগত প্ৰদৰ্শনী ব্যৱস্থা, গ্ৰন্থ বিপণী, সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণথলী, সভাগৃহ, মনোৰঞ্জনৰ বাবে উদ্যাণ আদি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷

IMG 20200216 WA0046 | ASSAM TIMES POST

কাৰবি লোক- কৃষ্টি সংস্কৃতিৰ সংবৰ্দ্ধন আৰু বিকাশৰ বাবে বৃহতৰ তাৰালাংছৰ বাকৰিত শতাধিক আত্ম সহায়ক গোটে যাৱতীয় সামগ্ৰীলৈ উৎসৱথলীত বাহৰ পাতিছে ৷ 

IMG 20200216 WA0041 | ASSAM TIMES POST

দেওবাৰে কাৰবি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে ৷ কাৰ্বি ৰজা ৰামছিং ৰংহাং, ডুমৰা ৰজা হলিছিং ৰংহাং, বৰেণ্য সাহিত্যিক ৰংবং তেৰাং, কাৰ্বি  কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণছিং বে, কাৰ্বি আংলঙৰ বিধায়ক সকল, উপায়ুক্ত মুকুল কুমাৰ শইকিয়া, কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰী, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহীসকলৰ লগতে আন আন বহু বিশিষ্ট ব্যক্তিৰ উপস্থিততিত আৰু ৫ সহস্ৰাধিক লোক শিল্পীৰ সমুখত।

 

Tara Horen 3 | ASSAM TIMES POST

মহোৎসৱটিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্য অতিথি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল।ন প্ৰাণ পাই উঠিছে উঠিছে ডিফুৰ তাৰালাংছ’ৰ বাকৰি৷

IMG 20200216 WA0044 | ASSAM TIMES POST

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পী সকলৰ হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু,আংনি, পুৰুষৰ গাত চইক’ চয়াং,তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই পতাকা উত্তোলন থলীত উপস্থিত হয়৷

IMG 20200216 WA0045 | ASSAM TIMES POST

সাংস্কৃতিক শোভাযাত্ৰাটিৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই৷ উত্তৰ-পূৱ ভাৰতৰ পুৰণি যুৱ মহোৎসৱটিয়ে ইতিমধ্যে গৰকিছে ৪৬টা গৌৰৱোজ্জ্বল বৰ্ষ। আৰম্ভণিৰ দিনটোত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মহোৎসৱটিৰ স্থায়ী প্ৰৱেশ দ্বাৰখন আনুষ্ঠানিক ভাৱে মুকলি কৰে।

IMG 20200216 WA0048 | ASSAM TIMES POST

অৰুণাচল, মেঘালয়, কাছাৰ, গুৱাহাটী, বিশ্বনাথ চাৰিআলি আদি ভিন্ন স্থানৰ লগতে কাৰ্বি আংলঙৰ কাৰ্বি কালছাৰেল ছচাইটিৰ অতি কমেও ২৯টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে। ৫হাজাৰ লোক শিল্পীৰ সমাৱেশেৰে মুখৰিত হৈ থাকিব কাৰ্বি যুৱ মহোৎসৱ।

Tara Horen | ASSAM TIMES POST

আনুষ্ঠানিক শুভাৰম্ভৰ পিছতে মহোৎসৱটিৰ আটাকেইখন মঞ্চতে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয়। সন্ধিয়াৰ ভাগত মহোৎসৱথলী তাৰালাংছ’ৰ বাকৰি মায়া নগৰীলৈ ৰূপান্তৰিত হব ৷

উলেখ্য যে ১৯৯৪ চনৰ পৰা ডিফুৰ পৰা প্রায় সাত কিঃ মিঃ নিলগত অৱস্থিত তাৰালাংছ’ কাৰবি সাংস্কৃতিক প্ৰকল্পত স্থায়ীভাৱে উদযাপন কৰা কাৰবি যুৱ মহোৎসৱে আজি ৪৬ সংখ্যক বর্ষত উপনীত হৈছে। ইতিমধ্যে নির্মাণ সম্পূৰ্ণ হোৱা ডিফু মানজা মূল পথৰ পৰা তাৰালাংছ’লৈ যোৱা চাৰিলেনযুক্ত পথৰ দুয়োকাষে আটকধুনীয়া ৰেলিং আৰু কাৰবি পেছাৰপীৰ কলা আৰু ৰঙা ৰঙেৰে যেন সমগ্ৰ পথ ছোৱাতে সজাই পৰাই তোলা হৈছে ‌ তাৰালাংছ’ লৈ যোৱা পথত ৰাংছিনা ছার্প আদনৰি (তোৰণ), কাৰবি সাংস্কৃতিক প্ৰকল্পৰ মাজভাগতে হেম্ফু মুক্রাং আদনৰি (তোৰণ)ৰ স্থায়ী নির্মাণৰ ওপৰিও অভিযন্তা শিল্পী বদনছিং তিচ্ছৰ ডিজাইন আৰু তত্বাৱধানত নির্মিত কাৰবি মহিলাৰ আভিজাত্যৰ প্রতীক “নথেংপি” (কানফুলি)ৰ কলাকৃতিয়ে সংস্কৃতি প্রেমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Tara Horen 5 | ASSAM TIMES POST

কাৰবি সকলৰ সমৃদ্ধিশালী লোক সংস্কৃতিৰ সমলবোৰ ক্রমাৎ হেৰাবলৈ উপক্ৰম কৰা দেখি আধুনিক শিক্ষা দীক্ষাৰে নৱ উদিত কাৰবি যুৱক ৰয় ইংহি, জানাছিং তেৰাং, লৰেন্স টেৰণ, আদি বৰেণ্য ব্যক্তি সকলৰ প্ৰচেষ্টাত ১৯৭৪ চনত ডিফু ৰংনিহাংস্থিত ঐতিহ্য মণ্ডিত কাৰবি ক্লাবৰ বাকৰিত কাৰবি যুৱ মহোৎসৱৰ বর্ণিল পৰিক্ৰমা শুভাৰম্ভ কৰা হৈছিল।

 

 

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx