ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

নিউজ ডেস্কঃ

News Desk by News Desk
January 22, 2026
Reading Time: 1 min read
A A
0
Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

গণৰাজ্য দিৱসৰ (Republic Day) পেৰেডত (Parade) পুৰুষ জোৱানক নেতৃত্ব দিব এগৰাকী যুৱতীয়ে। ২৬ জানুৱাৰীত দিল্লীত চি আৰ পি এফ দলৰ প্ৰায় ১৫০ গৰাকী পুৰুষ জোৱানৰ পেৰেড গ্ৰুপৰ নেতৃত্ব দিবলৈ ওলাইছে মহিলা জোৱান ছিমৰন বালাই (Young woman Simran Bala)। ভাৰতৰ ইতিহাসত এয়া প্ৰথমবাৰ হ’ব। ২৬ বছৰীয়া ছিমৰান জম্মু-কাশ্মীৰৰ এগৰাকী কন্যা। অৰ্ধসামৰিক বাহিনীৰ সহকাৰী অধিনায়ক হিচাপে তেওঁ কৰ্মৰত। সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, মাত্ৰ পাঁচ দিনৰ ভিতৰতে গণৰাজ্য দিৱসৰ পেৰেডত সৰ্বপুৰুষ চি আৰ পিএফ দল এটাৰ নেতৃত্ব দি তেওঁ এক নজিৰ গঢ়ি তুলিব। কাৰণ যদিও ইয়াৰ পূৰ্বেও মহিলা জোৱানে পেৰেড গ্ৰুপৰ নেতৃত্ব দিছে, তথাপিও কোনো মহিলাই সৰ্বপুৰুষৰ দল এটাৰ নেতৃত্ব দিয়া দেখা পোৱা নাই। তেনে ক্ষেত্ৰত ছিমৰন প্ৰথম হ’ব।

জম্মুৰ ৰাজৌৰী জিলাৰ এখন সৰু চহৰ নৌশ্বেৰা। ছিমৰনৰ জন্ম তাতেই। ছিমৰনে জম্মুৰ গান্ধীনগৰৰ চৰকাৰী কন্যা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ২০২৫ চনত ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত চি এ পি এফ এচিষ্টেণ্ট কমাণ্ডেণ্ট পৰীক্ষাত উত্তীৰ্ণ হয়। সেই বছৰৰ এপ্ৰিল মাহত তেওঁ দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোত যোগদান কৰে। গুৰুগ্ৰামৰ চি আৰ পি এফ একাডেমীত প্ৰশিক্ষণৰ সময়ত শ্ৰেষ্ঠ বিষয়াৰ বঁটাও লাভ কৰে।

copy | ASSAM TIMES POST
গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

সমগ্ৰ ৰাজৌৰী জিলাৰ ভিতৰতে চি আৰ পি এফ বিষয়া হোৱা প্ৰথমগৰাকী মহিলা ছিমৰন। প্ৰথম অৱস্থাত ছিমৰনক ছত্তীশগড়ৰ ‘বস্তৰীয়া’ বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। তেওঁক নক্সালবিৰোধী অভিযান চলোৱাৰ দায়িত্ব দিয়া হৈছিল।

গণৰাজ্য দিৱসৰ পৰম্পৰাগত পেৰেডতো ছিমৰনক ডাঙৰ দায়িত্ব দিয়া হৈছে। আৰু মাত্ৰ কেইদিনমান বাকী। প্ৰতি বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ পেৰেড দলটোৱে কৰ্তব্য পথত ৰাইচিনা পাহাৰৰ পৰা ইণ্ডিয়া গে’টলৈকে লালকিল্লালৈ যাত্ৰা কৰিব। সেনাৰ জোৱানসকলে ভাৰতৰ সামৰিক শক্তি আৰু সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰিব। এইবাৰ ৰয়েল এনফিল্ড বুলেট বাইক চলোৱা চি আৰ পি এফ আৰু সশস্ত্ৰ সীমা বলৰ (এছ এছ বি) মহিলা ‘ডেয়াৰডেভিল’ৰ যৌথ দলেও এই পেৰেডত যোগদান কৰিব। ২০২০ চনৰ গণৰাজ্য দিৱসৰ পেৰেডতো এই কৃতিত্ব প্ৰদৰ্শন কৰিছিল দুয়োটা শক্তিৰ মহিলা জোৱানে। ইয়াৰ উপৰি এইবাৰ জোৱানসকলে উটত উঠি সীমান্তৰক্ষী বাহিনীক প্ৰতিনিধিত্ব কৰিব। এইবাৰৰ পেৰেডত উপস্থিত থাকিব চি আই এছ এফৰ পেৰেড আৰু বেণ্ড।

Tags: Republicday
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx