
এইবাৰ এন চি ই আৰ টি (NCERT)ৰ পাঠ্যপুথি (Textbook)ৰ বিতৰ্ক (Controversy)ক লৈ মুখ খুলিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী (Education Minister) ধৰ্মেন্দ্ৰ প্ৰধানে। এই ঘটনাক লৈ তেওঁ দুখ প্ৰকাশ (Express sorrow) কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি, এন চি ই আৰ টি পাঠ্যপুথি বিতৰ্কক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “আমাৰ ন্যায়পালিকাৰ প্ৰতি অপৰিসীম সন্মান আৰু শ্ৰদ্ধা আছে। আমি কোনো ধৰণৰ অসন্মান কৰাৰ উদ্দেশ্য নাই। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
উল্লেখযোগ্য যে যে আজি পুৱা মুখ্য ন্যায়াধীশ সূৰ্য কান্ত (Chief Justice Surya Kant)ই আদালত অৱমাননাৰ গোচৰত অষ্টম শ্ৰেণীৰ সমাজবিজ্ঞানৰ কিতাপখন সম্পূৰ্ণ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। বিদ্যালয় শিক্ষা বিভাগ আৰু এন চি ই আৰ টিৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হৈছে।

বৃহস্পতিবাৰে আদালতৰ বিভাগীয় বিচাৰপীঠে সমগ্ৰ কাণ্ডক ‘তীব্ৰ অপমানজনক’ আৰু ‘বেপৰোৱা’ বুলি অভিহিত কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বন্দুকৰ পৰা গুলী নিক্ষেপ কৰা হৈছে আৰু ন্যায়পালিকা ৰক্তাক্ত হৈছে। বিদ্যালয় শিক্ষা বিভাগ আৰু এন চি ই আৰ টিৰ সঞ্চালক দীনেশ প্ৰসাদ সাক্লানীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে যে তেওঁলোকৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।
যোৱা বুধবাৰে এন চি ই আৰ টিয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি ক্ষমা বিচাৰিছিল। তাত কোৱা হৈছে যে এই ভুল সম্পূৰ্ণ অনাকাংক্ষিত আৰু উক্ত অধ্যায়টোত অনুপযুক্ত বিষয়বস্তু যোগ কৰাৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে। কিন্তু ২৬ ফেব্ৰুৱাৰীত হোৱা শুনানিত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই এই বিষয়ত কঠোৰ মন্তব্য কৰে। তেওঁ স্পষ্টকৈ কয়, “এই ক্ষমাপ্ৰাৰ্থনা আন্তৰিক নে উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰা ওলাই অহাৰ কৌশল সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব।”
২৫ ফেব্ৰুৱাৰীত অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত আদালত অৱমাননাৰ বিষয়টোত হস্তক্ষেপ কৰে মুখ্য ন্যায়াধীশে। পাঠ্যপুথিত ন্যায়পালিকাক দুৰ্নীতিগ্ৰস্ত বুলি চিত্ৰিত কৰাৰ অভিযোগ নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ বিৰুদ্ধে। কিন্তু বুধবাৰে ঘোষণা কৰা হয় যে সমাজত ন্যায়পালিকাৰ ভূমিকা সম্পৰ্কীয় অধ্যায়টো অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা সংশোধন কৰা হ’ব। অবমাননাজনক অংশবোৰ আঁতৰাই পেলোৱা হ’ব।












