ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

News Desk by News Desk
April 30, 2026
Reading Time: 1 min read
A A
0
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

New Logo Smal 2 | ASSAM TIMES POST

আইপিএলত (IPL) ইয়াৰ পূৰ্বে প্ৰতিপক্ষই মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৬ অভাৰহে গণনা কৰিছিল। কিয়নো সকলোৱে জানিছিল যে যশপ্ৰীত বুমৰাহৰ (Yashpreet Bumrah) চাৰি অভাৰ কিবা প্ৰকাৰে অতিবাহিত কৰিব লাগিব। তেওঁৰ সেই নিৰ্দিষ্ট চাৰি অভাৰত যিয়ে ৰাণ নাহক কিয় সেয়া আছিল বোনাছ। কিন্তু এইবাৰৰ আইপিএলত ছবিখন সলনি হৈছে। বুমৰাহৰ কেৰিয়াৰত ইমান বেয়া সময় চাগে কেতিয়াও দেখা নাই। বেটছমেনে চকু মুদি তেওঁৰ বলত ডাঙৰ ডাঙৰ শ্বট মাৰি আছে। তেনে ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে, বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ পেচাৰে এইবাৰ দলৰ পৰা বাহিৰত থাকিব লাগিব নেকি।

বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বুমৰাহে ৪ অভাৰত ৫২ ৰাণ খৰচ কৰে। কিন্তু এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল। তেওঁৰ বিৰুদ্ধে অভিষেক শৰ্মাৰ পূৰ্বৰ অভিলেখ ভাল নাছিল। বিগত পাঁচখন মেচত বুমৰাহে অভিষেকক দুবাৰকৈ আউট কৰিছে। অভিষেকে তেওঁৰ বিৰুদ্ধে ৭৫ ষ্ট্ৰাইক ৰেটত মাত্ৰ ১৭ ৰাণ সংগ্ৰহ কৰে। কিন্তু বুধবাৰে অভিষেকে মিড-অনত বুমৰাহৰ ধীৰ গতিৰ বলটো বাউণ্ডেৰীৰ বাহিৰলৈ উৰুৱাই দিয়ে। ইয়াৰ পিছতে ট্ৰেভিছ হেডে বুমৰাহৰ মূৰৰ ওপৰেৰে ৯৯ মিটাৰ দীঘল ছয় কোবায়। পাৱাৰ প্লে’ত বুমৰাহে দুটা অভাৰত ৩২ ৰাণ খৰচ কৰে। আইপিএলত পাৱাৰ প্লে’ত ইমান ৰাণ তেওঁ আগতে কেতিয়াও দিয়া নাছিল। পাৱাৰ প্লে’ৰ পিছতো একেই ছবি। হেনৰিখ ক্লাচেনে বুমৰাহৰ বলত ছিক্সাৰ কোবায়। ইয়াৰ পিছতে আহি মুম্বাই অনুৰাগীৰ বাবে আটাইতকৈ বেদনাদায়ক মুহূৰ্ত। ঘৰুৱা ক্ৰিকেটাৰ সলীল অৰোৰায়ো মিড-অফত বুমৰাহক ছয় কোবায়। বুধবাৰৰ মেচখনত বুমৰাহৰ বলত ৫টা ছয় কোবায়। এই ছবিখন অতি বিৰল।

bum.jpg1 | ASSAM TIMES POST
৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

এইবাৰৰ আইপিএলত বুমৰাহে ৮ খন মেচত ৩০ অভাৰ বলিং কৰি ২৬৪ ৰাণ খৰচ কৰিছে। অৰ্থাৎ প্ৰতি অভাৰত ৮.৮০ ৰাণ। টি-২০ কেৰিয়াৰত বুমৰাহৰ ইকনমি ৰেট (৭.৩৩)তকৈ ই বহু বেছি। বুমৰাহৰ কেৰিয়াৰৰ বলিং গড় ২৩.২১। এইবাৰ আইপিএলত তেওঁ মাত্ৰ ২টা উইকেটহে দখল কৰিছে। তেওঁৰ বলিঙৰ গড় ১৩২। আইপিএলত বুমৰাহৰ গড় বলৰ গতি ১৩২.১ কিলোমিটাৰলৈ হ্ৰাস পাইছে।

ইফালে বুমৰাহৰ বলিং বিশ্লেষণ কৰি ৰবিচন্দ্ৰন অশ্বিনে কয়, মুম্বাইৰ এই পেচাৰগৰাকীয়ে উইকেট ল’বলৈ চেষ্টা কৰিও সমস্যাৰ সন্মুখীন হৈছে। অশ্বিনে কয়, “বুমৰাহৰ প্ৰকৃত শক্তি হ’ল ইয়ৰ্কাৰ বল কৰা আৰু বেটছমেনক আঁতৰাই ৰখা। যদি ৰাণ নাহে তেন্তে বেটছমেনে ৰিস্ক লয় আৰু উইকেট দিয়ে। ৱাংখেড়েৰ দৰে খেলপথাৰত সেয়া অধিক গুৰুত্বপূৰ্ণ। কিন্তু এইবাৰ বুমৰাহে অত্যধিক চেষ্টা কৰিছে। সেইটোৱেই সমস্যা।”

আনহাতে, ইৰফান পাঠানৰ মতে, বুমৰাহে বল বেছি লেহেমীয়া কৰি ভুল কৰিছে। ইৰফানে কয়, “এইবাৰ বুমৰাহৰ ৪৪ শতাংশ বলৰ গতি লেহেমীয়া হৈছে। অৰ্থাৎ প্ৰতি দুটা বলত এটাকৈ শ্ল’ বল। তেওঁৰ ফৰ্মত কোনো সমস্যা নাই। কিন্তু তেওঁৰ গড় গতি ঘণ্টাত ১৩০ কিলোমিটাৰলৈ নামি আহিছে। তেওঁ বেছি বেগেৰে বলিং কৰা হ’লে তেওঁ ভাল ফল পালেহেঁতেন। বুমৰাহৰ দৰে বলাৰক শিকাবলগা একো নাই। কিন্তু তেওঁ এই পৰিসংখ্যাবোৰ মনত ৰাখিব লাগিব।”

এনে পৰিস্থিতিত মুম্বাইৰ সহকাৰী প্ৰশিক্ষক কিৰণ পোলাৰ্ডে বুমৰাহক ৰিজাৰ্ভ বেঞ্চত বহাব পাৰে বুলি ইংগিত দিছে। তেওঁ কয়, “আমি চাব লাগিব যে বুমৰাহে কিয় ভাল বলিং কৰা নাই। বছৰ বছৰ ধৰি তেওঁ এই কাম কৰি আহিছে। তেৱোঁ মানুহ। গতিকে তেওঁ ভুল কৰিব পাৰে। দুখন মেচ বা এটা ছিজন বেয়া হ’ব পাৰে। প্ৰতিজন ক্ৰিকেটাৰক এই সময়ত সময়, জিৰণি আৰু বিৰতিৰ প্ৰয়োজন। বছৰ বছৰ ধৰি তেওঁ মুম্বাই আৰু ভাৰতৰ হৈ কি কৰিছে সেই কথা আমি মনত ৰাখিব লাগিব।” পোলাৰ্ডৰ কথাৰ পৰা যেন উমান পোৱা গৈছে যে বুমৰাহ হয়তো কেইখনমান মেচৰ বাবে দলত নাথাকিব পাৰে। তাৰ পিছত হয়তো তেওঁ পুৰণি আত্মবিশ্বাস ঘূৰাই পাব। মুম্বাই ইণ্ডিয়ানছেও তাৰেই আশা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: YashpreetBumrah
Share4Tweet3Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d