ASSAM TIMES POST
ডিফু : ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত কয়লাজানত আজি বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক অতি গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি প্ৰায় আঢ়ৈ বজাত এএছ-০৯-এচি-৩৩৫৩ নম্বৰৰ হাৰ্ডৱেৰৰ সামগ্ৰী কঢ়িয়াই নিয়া ৪০৭ ট্ৰাকখনে পাহাৰীয়া এঢলীয়া পথটোত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা শিলত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত ট্ৰাকখনৰ চালককে ধৰি তিনিজন লোক অতি গুৰুতৰভাৱে আহত হয় ।
স্থানীয় লোকৰ তৎপৰতাত আহত আটাইকেইগৰাকীকে মাঞ্জা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও অতি সংকটজনক অৱস্থাত তিনিওকে ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাটোত আহত লোককেইজন জীতেন্দ্ৰ সিং, তিলি বৰদলৈ, মিৰচন হাঞ্চে বুলি জানিব পৰা গৈছে ।













