ASSAM TIMES POST
নগাঁও : নগাঁও আৰক্ষীয়ে আজি এক গোপন সুত্ৰৰ পমখেদি চহৰখনৰ সমীপৰ বৰভেটি অঞ্চলৰ আচ্ছাদুল ইছলাম নামৰ এজন লোকৰ বাসগৃহত তালাচী চলাই বুজন পৰিমানৰ নিচাযুক্ত ঔষধৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নেতৃত্বত আৰু টাউন উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ লগত যোৱা এটি আৰক্ষীৰ দলে চলোৱা তালাচী অভিযানত আৰক্ষীয়ে আচ্ছাদুল ইছলামৰ ঘৰৰ পৰা বৃহৎসংখ্যক নিচা যুক্ত টেবলেট, লিক’, ড্ৰাগছ লবলৈ ব্যৱহাৰ কৰা চিৰিঞ্জ আৰু এটা হুকা জব্দ কৰে । আৰক্ষীয়ে ধৃত আচ্ছাদুলক জেৰা অব্যাহত ৰাখিছে।













