ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণাভাইৰাছৰ বিৰুদ্ধে যুদ্ধত জয় হোৱাৰ বাবে সমগ্ৰ বিশ্বৰ চৰকাৰে নিজৰ সম্পূৰ্ণ পৰিশ্ৰম লগাই দিছে। আনহাতে, বিজ্ঞানীসকলেও টীকা প্ৰস্তুতৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে। শেহতীয়া খবৰ মতে, হায়দৰাবাদৰ টীকা কোম্পানী ভাৰত বায়’টেকে ক’ৰ’ণাক পৰাজিত কৰাৰ টীকা তৈয়াৰ কৰি উলিয়াইছে। এতিয়া এই টীকাসমূহ পশুৰ ওপৰত ট্ৰায়েল কৰাৰ বাবে আমেৰিকালৈ পঠিওৱা হৈছে। তিনিৰ পৰা ছমাহ পৰ্যন্ত চলিবলগা এই ট্ৰায়েলৰ পিছত যদি সকলো ঠিকে থাকে তেনেহ’লে ভাৰতত এই টীকা মানৱ দেহৰ ওপৰত প্ৰয়োগ কৰা হ’ব। বিজ্ঞানীসকলে কৰা দাবী মতে চলিত বছৰৰ শেষ পৰ্যন্ত এই টীকা ব্যৱহাৰৰ বাবে উপলব্ধ হ’ব।

সংবাদ প্ৰতিবেদন অনুযায়ী এই টীকা নজেল ড্ৰপ হিচাপে ব্যৱহাৰ কৰা হ’ব। এই টীকাৰ এক ফোটা নাকত দিলেই ইয়াৰ পৰিনাম পোৱা যাব। কোৰা-ফ্লু নামৰ এই টীকাই ক’ৰ’ণাৰ লগে লগে জ্বৰৰো চিকিৎসা কৰিব। ভাৰত বায়’টেকৰ চিএমডি তথা বিজ্ঞানী ডঃ কৃষ্ণা এলাই কয়, কৰ’না ভাইৰাছ নাকৰ পৰা শৰীৰৰ মাজেৰে প্ৰৱেশ কৰে আৰু হৃদপিণ্ডত উপস্থিত হৈ তাক সম্পূৰ্ণভাৱে সংক্ৰমৃত কৰি পেলায়। সেই কাৰণেই আমি এই টীকাক নাকৰ টীকাৰূপে তৈয়াৰ কৰিছোঁ। এই টীকা নাকেৰে শৰীৰত প্ৰৱেশ কৰি কৰনাক পৰাজিত কৰিব।
এতিয়ালৈকে পোৱা তথ্য অনুযায়ী এক বটল টীকাত থাকিব ১৫-২০ ফোটা ঔষধ। ইয়াক এনেদৰে তৈয়াৰ কৰা হৈছে যাতে সহজতে ৰাখিব আৰু পৰিবহণ কৰিব পৰা যায়। ডঃ কৃষ্ণই লগতে কয় যে, আমি প্ৰতি বছৰে প্ৰায় ৩০ কোটি টীকা তৈয়াৰ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।











