ASSAM TIMES POST
নিউজ ডেস্ক
প্ৰাণঘাটি ক’ৰ’ণা ভাইৰাছৰ বিস্তাৰ ৰোধিবলৈ ৰাজধানী টকিঅ’সহ ছয়টা অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰিছে জাপান চৰকাৰে। দেশখনৰ প্ৰধান মন্ত্ৰী চিনজো আবেই মঙ্গলবাৰৰ পৰাই এই জৰুৰী অৱস্থা জাৰি কৰাৰ কথা ঘোষণা কৰে।
নিউয়ৰ্কৰ দৰে টকিঅ’ত যাতে ক’ৰ’ণা মহামাৰীৰ আকাৰত বিয়পি নপৰে তাৰ বাবেই সাতৰ্কতামূলক ব্যৱস্থা হিচাপে জাপান এই জৰুৰী অৱস্থা ঘোষণা কৰিছে। উল্লেখযোগ্য যে জাপানত এই পৰ্যন্ত corona ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯২জন লোকৰ। এমাহৰ বাবে টকিঅ’, ওছাকাসহ আৰু ৫খন মহানগৰীত এই জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।











