ASSAM TIMES POST
নিউজ ডেস্ক
ওকণী মৰা ঔষধ ব্যৱহাৰ কৰি ৪৮ ঘণ্টাৰ ভিতৰত ক’ৰ’ণা ভাইৰাছ নিঃশেষ কৰিব পাৰি৷ অবিশ্বাস্য হ’লেও এই দাবী কৰিছে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এদল গৱেষকে৷ উল্লেখ্য যে ক’ৰ’ণাৰ প্ৰতিষেধক আবিষ্কাৰ কৰিবলৈ দিনে নিশাই গৱেষণাত ব্যস্ত অষ্ট্ৰেলিয়াৰ লগতে বহু দেশৰ গৱেষক৷ তাৰ মাজতে অষ্ট্ৰেলিয়াৰ গৱেষকৰ এই দাবীয়ে নতুন চিন্তাৰ উন্মেষ ঘটাইছে৷ মানুহৰ মুৰত থকা ওকণী মৰাৰ ঔষধ দিয়ে ক’ৰ’ণা ভাইৰাছ ধ্বংস কৰাত সম্ভৱ৷ বিজ্ঞানীসকলে পৰীক্ষা কৰি এইটো দেখিবলৈ পাইছে বুলি দাবী কৰে৷

ম’নাছ বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত দেখা গৈছে যে ওকণী মৰা ঔষধ ব্যৱহাৰ কৰাৰ ফলত ক’ৰ’ণা ভাইৰাছ ৪৮ ঘণ্টাৰ ভিতৰতে মাৰি পেলাব পাৰি৷ বহু বছৰ ধৰি আইভাৰমেক্টিন নামৰ এণ্টি-পেৰাছিটিটো ওকণী মৰা ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈ আছে৷
এই ঔষধ উচ্চ মাত্ৰাত ব্যৱহাৰে মানুহৰ কোষত বাঢ়ি থকা ক’ৰ’ণা ভাইৰাছৰ বৃদ্ধি ৰাখিব পাৰে বুলি দাবী কৰিছে গৱেষকসকলে৷ এতিয়া কথা হ’ল মানুহৰ শৰীৰত এই ঔষধ কিমান পৰিমাণৰ নিৰাপদ সেই কথা নিৰ্ণয় কৰিব পৰা নাই গৱেষকসকলে৷ সঠিকভাৱে প্ৰয়োগ কৰাৰ বাবে পৰিমাণ নিৰ্দ্ধাৰণ কৰিবলৈ গৱেষকসকল এতিয়া ব্যস্ত৷ ম’নাছ বায়’মেডিছিন ডিছক’ভাৰী ইনষ্টিটিউট আৰু পিটাৰ দোৰ্টি ইনষ্টিটিউটত অব ইনফৰ্মেচন এণ্ড ইমিউনিটীৰ গৱেষকে যৌথভাৱে এই গৱেষণা কৰি আছে৷











