ASSAM TIMES POST
নিউজ ডেস্ক
উত্তৰ প্ৰদেশৰ বলাৰামপুৰৰ এগৰাকী বিজেপি নেত্ৰী মঞ্জু তিৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ৫ এপ্ৰিলত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি মম, চাকি-বন্তি, টৰ্চ, মোবাইল আদি জ্বলাবলৈ আহ্বান জনাইছিল।
উক্ত কাৰ্য্যসূচী চলি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ বিজেপিৰ মহিলা কোষৰ জিলা সভানেত্ৰী মঞ্জু তিৱাৰীয়ে হাতত উদ্যত ৰিভলভাৰ লৈ ঘৰৰ বাহিৰলৈ ওলাই আহি শূন্যলৈ গুলিচালনা কৰে আৰু ইয়াৰ ভিডিও ছচিয়েল মিডিয়াত আপলোড কৰে আৰু মুহূৰ্ততে ই ভাইৰেল হৈ পৰে। পৰৱৰ্তী সময়ত মঞ্জু বিতৰ্কত সোমাই পৰে আৰু সকলোৱে ইয়াৰ তীব্ৰ সমালোচনা কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিততেই আৰক্ষীয়ে মঞ্জুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়। বলাৰামপুৰ জিলা আৰক্ষীৰ তৰফৰ পৰা জনোৱা মতে মঞ্জু তিৱাৰীৰ বিৰুদ্ধে IPC ৰ ধাৰা ২৮৬ আৰু ১৯৫৯ৰ সশস্ত্ৰ আইনৰ section ৩০ৰ অধীনত এই গোচৰটি ৰুজু কৰা হৈছে।











