ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত আৰু ১৯ দিন বৃদ্ধি পাব লকডাউন। অহা ৩ মে’লৈ বৃদ্ধি পাব লকডাউন। আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে দিয়া ভাষণত এই ঘোষণা কৰে।
আনহাতে, আগন্তুক এটা সপ্তাহ লকডাউনৰ নীতি-নিৰ্দেশনা কঠোৰ হ’ব বুলিও তেওঁ কয়।

অহা ২০ এপ্ৰিল পৰ্যন্ত প্ৰশাসনীয় প্ৰতিটো ক্ষেত্ৰতে লকডাউনৰ মূল্যায়ন হ’ব বুলিও তেওঁ লগতে কয়। এই সময়ছোৱাত ঘৰৰ বাহিৰলৈ ওলোৱা নিয়মো অধিক কঠোৰ হ’ব বুলি উল্লেখ কৰে। আনহাতে, লকডাউনৰ বিস্তৃত নীতি-নিৰ্দেশনা সন্নিবিষ্ট গাইডলাইন কাইলৈ জাৰি কৰা হ’ব বুলি প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে।
গৰৰীবৰ দুখ যিমান পাৰি লাঘৱ কৰিবলৈ লকডাউনৰ সময়ছোৱাত চেষ্টা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ বাবে নতুন গাইডলাইনত তেওঁলোকৰ হিতৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। লগতে কৃষকৰ সমস্যা সমাধানৰ দিশটোতো গুৰুত্ব আৰোপ কৰা বুলি মোদীয়ে কয়।
ইফালে দেশত পৰ্যাপ্ত পৰিমাণে ৰেচন আৰু ঔষধ মজুত থকা বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে ক’ৰ’ণা ৰ বিৰুদ্ধে যুঁজিব পৰাকৈ দেশৰ স্বাস্থ্য আন্তঃগাঁথনি এতিয়া যথেষ্ট মজবুত।











