ASSAM TIMES POST
নিউজ ডেস্ক:
একাধিকবাৰ ধমকিৰ পিছত এইবাৰ বাস্তৱতেই বিশ্ব স্বাস্থ্য সংস্থাক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জনাইছে, ক’ৰ’ণাক লৈ অস্বচ্ছ ভূমিকা পালন কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। একেসময়তে চীনৰ পক্ষপাতিত্ব কৰিছে তেওঁলোকে।

সেই কাৰণেই আর্থিক অনুদান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই। ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছতেই মুখ খুলিছে ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধান Antonio Guteres। এক কথাত আমেৰিকাক তুলাধূনা দিয়ে Antonio ই। তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাক সাহায্য বন্ধ কৰি দিয়াৰ সময় এইটো একেবাৰে নহয়।
এই সংস্থাটোৱে ভাইৰাছ মোকাবিলাত মানুহৰ হৈ যুদ্ধ কৰিছে সন্মুখৰ পৰা।এইটো এক হোৱাৰ সময় আৰু একেলগে কাম কৰি এই পৰিস্থিতিক চম্ভালি লোৱাৰ সময়। এক কথাত আমেৰিকাৰ সিদ্ধান্তক লৈ ৰাষ্ট্ৰ সংঘ একেবাৰে যে সন্তুষ্ট নহয়, সেয়া ইয়াৰ জৰিয়তে প্ৰকাশ পাইছে।











