ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
মৃত্যু বিধাতাৰ লিখন। সেয়া ক’ৰ’ণাত আক্ৰান্ত ৰোগীয়েই হওক বা অন্য ৰোগী; নতুবা সি আকস্মিক মৃত্যুৱেই নহওক কিয়। কিন্তু যদি সেই মৃত্যুৰ সৈতে যুঁজ দিয়াৰ সুবিধা অবিহনে যদি এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় তেতিয়াহ’লে সেই মৃত্যুত আক্ষেপ ৰৈ যোৱাটো স্বাভাৱিক।
বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাব লৈছে ক’ৰ’ণা সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা। অসমত খুব বেছি নহয় যদিও ক’ৰ’ণাৰ বিভীষিকা এতিয়াও উদ্বেগজনক।এনে পৰিস্থিতিত ৰাজ্যখনৰ সমগ্ৰ স্বাস্থ্য বিভাগ উঠি-পৰি লাগিছে এই মাৰণ ভাইৰাছৰ সৈতে যুঁজ দিবলৈ।
নিঃসন্দেহে স্বাস্থ্য বিভাগৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ জীৱন পণ কৰি আগবঢ়োৱা সেৱা প্ৰশংসাৰ যোগ্য, তেওঁলোকক চেলুট জনাবলগীয়া। অসমত ক’ৰ’ণাৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণাধীন যদিও স্বাস্থ্য বিভাগৰ সজাগতা স্বীকাৰ কৰিবলগীয়া।
কিন্তু ক’ৰ’ণা ৰ আতংকৰ মাজতো আমাৰ সাধাৰণ ৰোগীসকলৰ দিশটোও কোনো কাৰণত উলাই কৰিবলগীয়া নিশ্চয় নহয়। কিয়নো, সাধাৰণ অসুখত (আকস্মিক দুৰ্ঘটনা বা গুৰুতৰ অসুস্থতাও ইয়াৰ ভিতৰত ধৰা হৈছে) ভোগা ৰোগীসকলৰ চিকিৎসা তথা তৎকালীনভাৱে প্ৰয়োজনীয় চিকিৎসাৰ বিষয়টোও নিশ্চয় ইয়াৰ মাজত এৰাই চলিব পৰা নাযায়। এইক্ষেত্ৰতো স্বাস্থ্য বিভাগ তথা চিকিৎসালয় আৰু চিকিৎসাৰ লগত জড়িতসকলৰ দায়িত্ববোধ নিশ্চয় কোনো গুণে কম নহয়।

ওপৰৰ কথাখিনি উপস্থাপন কৰিবলগা হ’ল মঙ্গলবাৰৰ এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত। মঙ্গলবাৰে গুৱাহাটীৰ টকৌবাৰীৰ কমল দাস নামৰ এগৰাকী ৫৫ বছৰীয়া ব্যক্তি হঠাৎ অসুস্থ হোৱাত নিশা ১১.৩০ বজাত নিকটৱৰ্তী Marwari Maternity হস্পিটেলত ভৰ্তি কৰোৱা হয়। তাত চিকিৎসকে প্ৰাৰম্ভিক পৰীক্ষা আদি কৰাৰ পিছত Temporary Pacemaker লগোৱাৰ পৰামৰ্শ আগবঢ়ায় চিকিৎসকে।
লগে লগে ৰোগীৰ আত্মীয়ই ডাক্তৰৰ Prescription আৰু referal order সহ pacemaker সংস্থাপনৰ বাবে ৰোগীজনক NEMCARE হস্পিটেললৈ লৈ আনে।
কিন্তু Marwari Maternity হস্পিটেলৰ ডাক্তৰৰ লিখিত অনুমোদন আৰু আনুসংগিক পৰীক্ষা আদিৰ প্ৰতিবেদন থকা সত্বেও আৰু ৰোগীজনৰ শাৰীৰিক অৱস্থাৰ গুৰুত্ব উপলব্ধি নকৰাকৈ নেমকেয়াৰ হস্পিটেল কৰ্তৃপক্ষই ৰোগীজনক চিকিৎসা সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰে।
নেমকেয়াৰ কৰ্তৃপক্ষৰ মতে ৰোগীজনক ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বে covid-19ৰ পৰীক্ষা কৰাটো প্ৰয়োজন। সেয়েহে ৰোগীজনক এই পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। নেমকেয়াৰ হস্পিটেল কৰ্তৃপক্ষৰ মতে ৰোগীজনক প্ৰয়োজন হোৱা তৎকালীন চিকিৎসাৰ পূৰ্বে covid-19 পৰীক্ষা বাধ্যতামূলক।
ইফালে উপায়ন্তৰ হৈ ৰোগীজনৰ আত্মীয়ই তেওঁক GMCH লৈ আহে আৰু প্ৰয়োজনীয় নিয়ম আদি পালন কৰোঁতে বহুখিনি সময়ৰ প্ৰয়োজন হয়। কিন্তু যেতিয়ালৈকে ৰোগীজনক পৰীক্ষা আদি কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা হয় তেতিয়ালৈকে কিন্তু তেওঁ জীয়াই নাথাকিল।
নক’লেও হ’ব যে Marwari Maternityহস্পিটেলৰ পৰা নেমকেয়াৰ হৈ GMCH ৰ নিয়ম পূৰণলৈকে প্ৰায় ৩-৪ ঘণ্টাৰ সময় লাগিছিল। যদি সময় মতে ৰোগীজনক pacemaker সংস্থাপন কৰি প্ৰয়োজনীয় চিকিৎসা আগবঢ়াব পৰা গ’লহেঁতেন নিশ্চয় তেওঁ বাচি থাকিলহেঁতেন বুলি এতিয়া বহুতে ক’ব খোজে। নেমকেয়াৰৰ গাফিলতি বা ক’ৰ’ণাৰ নিয়মৰ বাবে কমল দাসৰ মৃত্যু হ’ল নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।
এইখিনিতে স্বাস্থ্য মন্ত্ৰী তথা স্বাস্থ্য বিভাগলৈ কেইটামান প্ৰশ্ন :
# তৎকালীন সেৱাৰ প্রয়োজন হোৱা এগৰাকী ৰোগীৰ ক্ষেত্রত প্ৰথমতে কোনটো প্ৰযোজ্য হ’ব- ক’ৰ’ণা test নে তড়িৎ চিকিৎসা?
# যদি ব্যক্তিগৰাকীৰ পূৰ্বৰ কোনো সন্দেহ নাথাকে তথাপি চিকিৎসাৰ পূৰ্বে ক’ৰ’ণা test কৰিবই লাগিব নেকি?
# সকলো সজাগতা আৰু সুৰক্ষা নিয়ম পালন কৰি ৰোগীজনক তৎকালীন চিকিৎসা প্ৰদান কৰিও ক’ৰ’ণা test কৰিব পৰা নাযায় নেকি?
# ক’ৰ’ণাৰ অনুষ্ঠানিকতা পূৰণ হোৱালৈকে জৰুৰী অৱস্থাৰ ৰোগী এজন বাচি থাকিব বুলি ভাবিব পাৰিনে?
# ব্যক্তিগত চিকিৎসালয়সমূহতো ক’ৰ’ণা test উপলব্ধ কৰিব পৰা নাযায় নেকি?
# ক’ৰ’ণাৰ আতংকত সাধাৰণ ৰোগী এজনৰ চিকিৎসা সেৱাত গুৰুত্ব দিয়া নহ’ব নেকি?
কমল দাসৰ মৃত্যুৰ পিছত স্বাভাৱিকতে এনেবোৰ প্ৰশ্ন সাধাৰণ নাগৰিকৰ মাজত উদয় হ’ব।
সেয়ে স্বাস্থ্য বিভাগৰ দায়িত্বত এইকেইদিন অতিকে ব্যস্ত হৈ থাকি ৰোগীসকলৰ স্বাস্থ্য সেৱা ত্বৰান্বিত কৰাত ব্যস্ত থকা স্বাস্থ্য মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰি ক’ব বিচাৰিছো- এই দিশটোৰ প্ৰতিও অলপ মনোযোগ দিয়া উচিত। নহ’লে ৰাজ্যখনৰ সাধাৰণ ৰোগীসকলৰ অৱস্থাও অতি শোচনীয় হ’ব।











