ASSAM TIMES POST
নিউজ ডেস্ক:
কেৰেলাৰ এগৰাকী ব্যক্তিয়ে ৰোগাক্ৰান্ত পিতৃক কোচত লৈ প্ৰায় ১ কিলোমিটাৰ পথ কঢ়িয়াবলগা দৃশ্যই সকলোৰে দৃষ্টি কাঢ়িছে। সংবাদ প্ৰতিষ্ঠান অ এন আইৰ বাতৰি মতে, মাতৃৰ সৈতে পিতৃক লৈ অহা অটোৰিক্সাখন লকডাউনৰ গাইডলাইন অনুসৰি স্থানীয় আৰক্ষীয়ে জব্দ কৰাৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হয়।
পিছত লোকজনে ৬৫ বছৰীয়া ৰুগ্ন পিতৃক ডাঙি লৈয়ে ঘৰলৈ যাবলগীয়া হয়। বুধবাৰে এই ঘটনাটো সংঘটিত হয় কেৰালাৰ পুনালুৰ অঞ্চলত। উল্লেখযোগ্য যে লোকজনে তেওঁৰ পিতৃক হস্পিটেলৰ পৰা এখন অটোত ঘৰলৈ বুলি লৈ গৈ আছিল। সেই সময়তে আৰক্ষীয়ে covid-19ৰ বাবে জাৰি কৰা লকডাউনৰ গাইডলাইন উলংঘা কৰাৰ অভিযোগত অটোখন ৰখায় আৰু তেওঁলোকক খোজকাঢ়ি যাবলৈ বাধ্য কৰে।
হস্পিটেলৰ প্ৰয়োজনীয় তথ্য-পাতি দেখুওৱাৰ পিছতো আৰক্ষীয়ে এই আচৰণ কৰা বুলি এ এন আইৰ বাতৰিটোত প্ৰকাশ। সামাজিক মাধ্যমত এই ফটো আৰু ভিডিও ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে ঘটনাটোৱে চৰ্চা লাভ কৰিছে।











