ASSAM TIMES POST
নিউজ ডেস্ক:
মানৱ সভ্যতাই বৰ্তমান এক বিশ্বজনীন সংকটৰ মোকাবিলা কৰিছে। সম্ভৱত আমাৰ এই প্ৰজন্মৰ সকলোতকৈ ডাঙৰ সংকট। ক’ৰ’ণা ধুমুহাত বিপৰ্যস্ত বিশ্বৰ প্ৰায় সকলো দেশ। ঘাতক এই ভাইৰাছক নিয়ন্ত্ৰণৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশে দেশে চলিছে লকডাউন। কিন্তু ইমানবোৰ কৰাৰ পিছতো ৰুদ্ধ কৰাটো সম্ভৱ হোৱা নাই মাৰণ ভাইৰাছৰ ছুনামি সোঁত। বিশ্বজুৰি এতিয়া এটাই প্ৰশ্ন, কেতিয়া কমিব এই ধুমুহা?

কিন্তু Harvard University ৰ গৱেষকসকলে জনাইছে উদ্বেগজনক এক খবৰ। কৈছে যে এই প্রাণঘাটি ভাইৰাছ থাকিব পাৰে আৰু ৪ বছৰ পৰ্যন্ত! তেওঁলোকৰ মতে, অহা ২০২৪ চন পৰ্যন্ত থাকিব ক’ৰ’ণা ভাইৰাছৰ ভাবুকি। এই ভাইৰাছ মোকাবিলাত ২০২২ চন পৰ্যন্ত মানি চলিব লাগিব পাৰে সামাজিক দূৰত্ব! পাঁচজন গৱেষকৰ এই গৱেষণা প্ৰকাশিত হৈছে যোৱা মঙ্গলবাৰৰ Science Journal ত।গৱেষণাটোত কোৱা হৈছে, অহা দুই বছৰলৈ একে ঠাইতে থাকিয়েই যে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, বিষয়টো তেনে নহয়। কিন্তু এই সময়ছোৱাৰ ভিতৰত যদি কৰণাৰ কোনো টীকা আৱিষ্কাৰ নহয় তেতিয়াহ’লে এইটো অৱশ্যেই মানি চলিব লাগিব।
গৱেষকসকলে লগতে কৈছে, কৰণা মোকাবিলাত পৰ্যাপ্ত প্ৰস্তুতিৰ দিশে নজৰ দিয়া উচিত যিহেতু ভাইৰাছটো ২০২৪ চন পৰ্যন্ত থকাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে সামাজিক আৰু অৰ্থনৈতিক ক্ষতি সত্বেও ক’ৰ’ণাৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বাবে পৃথিৱীৰ বিভিন্ন দেশে স্কুল, কলেজ আৰু বজাৰ বন্ধ ৰাখি সামাজিক দূৰত্ব মানি চলিছে। covid19ৰ কাৰণে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বৰ্তমান সকলোতকৈ বেছি সংকটত পৰিছে বিশ্ব স্বাস্থ্য ব্যৱস্থা। বিশ্বজুৰি ১ লাখ ৩৫ হাজাৰৰো অধিক মানুহৰ প্ৰাণ কাঢ়িছে এই ভাইৰাছে। আক্ৰান্তৰ সংখ্যাই কেতিয়াবাই ২০ লাখ অতিক্ৰম কৰিলে।











