ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে আহি পাইছে পবিত্ৰ ৰমজান মাহ। কিন্তু ৰমজানৰ উৎসৱতো পৰিছে ক’ৰ’ণাৰ ক’লীয়া ছাঁ। তথাপি ভয়-ত্ৰাসক দূৰত ৰাখিয়েই উৎসৱত চামিল হোৱাৰ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই। কিন্তু ইয়াৰ বাবে কিছু নিয়ম মানি চলাৰ কথা কোৱা হৈছে WHO ৰ তৰফৰ পৰা। সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহ কেনেদৰে উদযাপন কৰিব, তাৰ এটি খচৰা প্ৰকাশ কৰিছে WHO ই। উল্লেখযোগ্য যে অহা ২৪ এপ্ৰিলৰ পৰাই সম্ভৱতঃ আৰম্ভ হ’ব এই ৰমজান মাহ।

WHO ৰ পৰামৰ্শ :
# জামাত অৰ্থাৎ সমাবেশ এৰাই চলক।
# নিজেও কোনো সমাবেশৰ আহ্বান নজনাব।
# সামাজিক বা ধৰ্মীয় কোনো ধৰণৰ সমাবেশ বাঞ্ছনীয় নহয়।
# সামাজিক মাধ্যমৰ সহায়ত ভাৰ্চুৱেল জামাত হওক।
# কথা পাতক ফোনত, দেখা হওক ভিডিও কলত।
# ধর্মীয় জামাত হওক টেলিভিছনৰ সন্মুখত, নিজৰ নিজৰ ঘৰত। অথবা ৰেডিওত ধৰ্মীয় বক্তৃতা শুনিয়েই শেষ হওক এইবাৰৰ ৰমজান।
# কাৰো ঘৰত ইফটাৰিলৈ নাযাব, কাকো নামাতিবও।
# কৰমৰ্দন বা আলিংগন নহয়, তাৰ সলনি নমস্কাৰ বা বুকুত হাত থৈ সৌজন্য প্ৰকাশ কৰক।
# হাত দাঙি অভিবাদন জনাওক।
# বয়সস্থ লোকসকল বেছি সাৱধান হওক।
# উচ্চ ৰক্তচাপ, মধুমেহৰ ৰোগীসকলে চিকিৎসকৰ পৰামৰ্শ মানি চলক। খোৱা-বোৱাত নজৰ ৰাখক।
# মছজিদত নহয়, নামাজ পঢ়ক ঘৰত। তাৰাবীৰ নামাজ পৰিহাৰ কৰি ঘৰত ব্যক্তিগতভাৱে পঢ়ক। ইয়াৰ দ্বাৰাই নিজৰ লগতে প্ৰিয়জনৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব।
# জাকাত দিয়াৰ সময়ত সামাজিক ব্যৱধান বজাই ৰাখক।
# ইফটাৰ পাৰ্টিৰ বিপৰীতে খোৱাবস্তুৰ পেকেট কৰি ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰক। ইয়াত সংক্ৰমণৰ আশংকা সিমান নাই।
# কোনো সমস্যা হ’লেই চিকিৎসকৰ পৰামৰ্শ লওক।











