ASSAM TIMES POST
নিউজ ডেস্ক:
সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছে ক’ৰ’ণা ৰ প্ৰকোপত। ব্যৱসায়-বাণিজ্য, চলা-ফুৰা সকলো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত।যাৰ ফলত থমকি ৰৈছে অৰ্থনীতিৰ চকা। এই লকডাউনৰ কাৰণে হোৰাহোৰে বিশ্ব বজাৰত কমিছে ইন্ধনজাত তেলৰ মূল্য। যুক্তৰাষ্ট্ৰৰ তেলৰ বজাৰত যি প্ৰভাৱ পৰিছে, সেয়া সমগ্ৰ বিশ্বৰ আন ক’তো হোৱা নাই।
সেয়ে তেলক লৈ বিপাঙত পৰিছে বিক্রেতাসকল। যাৰ কাৰণে তেল কিনিলে ওলোটাই টকা দিছে ক্রেতাক। ক্রেতাই কেৱল তেল লৈ গ’লেই হ’ল।সোমবাৰে ঐতিহাসিকভাৱে কমি যায় তেলৰ দাম। আগন্তুক দিনত এই দাম আৰু কমাৰ আশংকা কৰা হৈছে।
ফিউচ্চাৰ মাৰ্কেটত মে’ মাহত তেলৰ দামৰ অৱনমন ঘটি হ’ব পাৰে বেৰেলত ০ ডলাৰতকৈও কম। অতি নিখুঁতভাৱে ক’বলৈ গ’লে ০.০১ ডলাৰ প্রতি বেৰেল। ইয়াৰ পূৰ্বে ইমান দাম কমা কেতিয়াও দেখা নাই। ক’ৰ’ণা ভাইৰাছ মহামাৰীৰ কাৰণে চাহিদা কমাত তীব্ৰ চাপৰ মুখত পৰিছে ইন্ধনজাত তেলৰ বজাৰ।
বিশ্ব বজাৰত হোৰাহোৰে কমিছে দাম। যুক্তৰাষ্ট্ৰত তেল সংৰক্ষণাগাৰসমূহে অতিৰিক্ত তেলৰ চাপ আৰু ল’ব পৰা নাই। ইয়াৰ ফলতো মূল্য আৰু কমিছে। বিগত এমাহ ধৰি কম চাহিদাৰ চাপ আৰু উৎপাদন কমোৱাক লৈ তৰ্ক-বিতৰ্ক চলিছে তেলৰ বজাৰত।
অৱশ্যে চলিত বছৰৰ আৰম্ভণিৰ পৰাই ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত নেতিবাচক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে তেলৰ ওপৰত। মার্চৰ শেষত ১৮ বছৰৰ ভিতৰত সৰ্বনিম্ন অৱস্থালৈ নামি আহে মূল্য।ৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আলোচনা আৰম্ভ হৈছে তেল উৎপাদনকাৰী দেশসমূহৰ মাজত।













