ASSAM TIMES POST
নিউজ ডেস্ক:
বিয়লি ৩.০০ বজা : চিকিৎসক আৰু চিকিৎসাকৰ্মীক বাৰম্বাৰ আক্ৰমণৰ ঘটনাত কঠোৰ চৰকাৰ। আক্ৰমণকাৰীৰ বিৰুদ্ধে বিধেয়ক আনিলে কেন্দ্ৰীয় মন্ত্ৰীসভাত। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতেই হ’ব কাৰ্যকৰী।
৩.২০ : চিকিৎসাকৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনাত আঘাত গুৰুতৰ হ’লে অভিযুক্তৰ ৬ মাহৰ পৰা ৭ বছৰ জেল হ’ব পাৰে। জৰিমনা হ’ব পাৰে ১-৫ লাখ পৰ্যন্ত। ৩.৩০ : নতুন বিধেয়ক অনুযায়ী, মহামাৰী আইন (১৮৯৭)ত সংশোধনী অনা হয়।
আইন ভংগ কৰিলে এতিয়াৰ পৰা জামিন অযোগ্য ধাৰাত ৩০ দিনৰ ভিতৰত তদন্ত কৰি গোচৰৰ নিষ্পত্তি হ’ব। আইন ভংগকাৰীয়ে ৩ মাহৰ পৰা ৫ বছৰ পৰ্যন্ত জেল আৰু ৫০ হাজাৰৰ পৰা ২ লাখ পৰ্যন্ত জৰিমনা ভৰিব।













