ASSAM TIMES POST
নগাঁও : মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰামণ ৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ মাজতে অহা ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহৰ ৰোজা। অৱশ্যে এইবাৰ ৰোজা পালনৰ সামাজিক আনুষ্ঠানিকতাত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
সেয়ে লকডাউনৰ নীতি নিৰ্দেশনা মানি এইবাৰৰ ৰোজা পালন কৰিবলৈ নগাঁৱৰ ইছলাম ধৰ্মাৱলম্বী সচেতন ব্যক্তি আৰু সংগঠনে আহ্বান জনাইছে। নগাঁৱৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ উপদেষ্টা তথা সমাজ সেৱক আলহাজ ছিৰাজ উদ্দিন আহমেদে নগাঁও জিলাবাসীৰ লগতে অসমবাসী ৰাইজক লকডাউনৰ নীতি নিৰ্দেশনা মানি সমুহীয়া নিয়মিত নামাজ, তাৰাবীৰ নামাজৰ লগতে সমুহীয়া ইফতাৰ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।
তেওঁ ইছলাম ধৰ্মীয় লোকক লকডাউন চলি থকালৈকে সকলো ধৰণৰ ইবাদত আৰু নামাজ ঘৰতে পঢ়িবলৈ আহ্বান জনাই কয় যে মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত গুৰুত্ব আৰোপ কৰি এই আহ্বান জনোৱা হৈছে ।
তদুপৰি, জৰুৰীকালীন সময়ত ঘৰৰ বাহিৰত অৰ্থাৎ ৰাজহুৱা স্থানত ওলাই আহিলে প্ৰতিজন লোককে মাস্ক পৰিধান কৰিবলৈকো তেওঁ আহ্বান জনায় । নগাঁৱৰ সমাজকৰ্মীজনে জনোৱা এনে আহ্বানৰ সংখ্যালঘু সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিৰ নগাঁও জিলা সমিতি, নগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, নগাঁও জিলা আমছু, অনগ্ৰৰ মুছলিম জাতীয় ঐক্য মঞ্চ আদিকে ধৰি একাধিক সংখ্যালঘু সংগঠনে সমর্থন জনায় ।













