ASSAM TIMES POST
নিউজ ডেস্ক
ভাৰতবৰ্ষত ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ পৰা ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল মুক্ত হৈছে৷ এই ৰাজ্য কেইখন হ’ল অৰুণাচল প্ৰদেশ, গোৱা, মণিপুৰ, নাগালেণ্ড, ছিকিম, ডমন আৰু ডিউ, দাদাৰ আৰু নগৰ হাভেলি, লাক্ষাদ্বীপ আৰু ত্ৰিপুৰা৷ সকলোবোৰ সন্দেহজনক ৰোগীক পৰীক্ষা কৰাৰ পাছত নেতিবাচক ফল লাভ কৰাৰ পাছত এই কথা জানিব পৰা গৈছে৷
গোৱা আৰু মণিপুৰ হ’ল ক্ৰমে দুখন ৰাজ্য য’ত ক’ৰ’ণা ভাইৰাছ শূন্য পজিটিভ৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱাটে ৰাজ্যখন ক’ৰ’ণাৰ পৰা মুক্ত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰক সেউজীয়া অঞ্চল (গ্ৰীণ জ’ন) ঘোষণা কৰিবলৈ কেন্দ্ৰক অনুৰোধ কৰিছিল৷ আনহাতে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা নৱম ৰাজ্যখন হ’ল ত্ৰিপুৰা৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এই কথা ঘোষণা কৰে৷












