ASSAM TIMES POST
নিউজ ডেস্ক:
অহা ১৬ মে’ পৰ্যন্ত ৰাজধানীত লকডাউন থাকিব বুলি দিল্লী চৰকাৰে ঘোষণা কৰাৰ এদিন পিছতেই আৰু ৫খন ৰাজ্যই তেওঁলোকৰ হটস্পটসমূহত ৩ মে’ৰ পিছতো লকডাউন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।
কৰোনা সংক্ৰমণ ৰোধিবলৈ মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, পশ্চিম বংগ, পঞ্জাৱ আৰু উৰিষ্যাই শনিবাৰে জনাইছে, ৩ মে’ৰ পিছতো নিজ নিজ ৰাজ্যৰ হটস্পটসমূহত কঠোৰ ব্যৱস্থা বলৱৎ থাকিব।আনহাতে, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, হাৰিয়ানা, হিমাচল আৰু কৰ্ণাটকে জনোৱা মতে, তেওঁলোকে কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰণ কৰিব।
সোমবাৰে প্ৰধান মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত ভিডিও কণফাৰেঞ্চ কৰাৰ পিছত অসম, কেৰালা আৰু বিহাৰে এই বিষয়ত সিদ্ধান্ত ল’ব বুলি জনাইছে। ইয়াৰ বিপৰীতে একমাত্ৰ তেলেংগানাই অহা ৩ মে’ত এই লকডাউন শেষ হোৱাৰ দুদিন পূৰ্বে এই প্ৰসংগত নিজৰ সিদ্ধান্ত জনাব।
ইফালে অনেক ৰাজ্যই লকডাউনৰ ম্যাদ বৃদ্ধিৰ বাবে সোমাবাৰে প্ৰধান মন্ত্ৰীক আহ্বান জনাব পাৰে বুলিও এক সূত্ৰত প্ৰকাশ। যদি কেন্দ্ৰৰ ফালৰ পৰা লকডাউন বৃদ্ধি কৰা নহয়, ৰাজ্যসমূহে নিজাববীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও ইংগিত পোৱা গৈছে।













