ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা আতংকৰ মাজতে সুখবৰ। অহা মাহতেই বিশ্ব স্বাস্থ্য সংস্থাৰ এক গুৰুত্বপূৰ্ণ পদ পাবলৈ আগবাঢ়িছে ভাৰত। যিয়ে বিশ্ব দৰবাৰত ভাৰতৰ গুৰুত্ব নিঃসন্দেহে অধিক বৃদ্ধি কৰিব।
WHO-ৰ সূত্ৰৰ খবৰ, অহা মাহত তেওঁলোকৰ গুৰুত্বপূৰ্ণ বোৰ্ড মিটিঙৰ পিছতে কাৰ্যকৰী সমিতিৰ শীৰ্ষ পদত অধিষ্ঠিত হ’বলৈ আগবাঢ়িছে নতুন দিল্লীৰ প্ৰতিনিধি।
বৰ্তমান এই পদত আছে জাপানৰ প্ৰতিনিধি। চৰকাৰীভাৱে এই খবৰ নজনালেও, বহুল প্ৰচাৰিত এক ভাৰতীয় সংবাদ মাধ্যমে এই দাবী কৰিছে। তেওঁলোকে কৈছে, নতুন দিল্লী আৰু WHO-ৰ মুখ্য কাৰ্যালয়, দুই পক্ষই খবৰ নিশ্চিত কৰিছে।বিশ্বজুৰি ক’ৰ’ণা মহামাৰীৰ মাজত WHO-ৰ ইমান গুৰুত্বপূৰ্ণ পদ পোৱাটো ভাৰতৰ বাবে নিঃসন্দেহে গৌৰৱৰ কথা।
কিন্তু WHO-ৰ তৰফৰ পৰা কোৱা হৈছে, ভাৰতৰ এই নিযুক্তিৰ পিছত ক’ৰ’ণাৰ কোনো ভূমিকা নাই। যোৱা বছৰেই দক্ষিণ এছিয়াৰ দেশসমূহে ভাৰতক ৩ বছৰৰ বাবে WHO-ৰ কাৰ্যকৰী বোৰ্ডলৈ মনোনীত কৰিছে।
তাৰ লগতে এবছৰৰ বাবে ভাৰতক এই বোৰ্ডৰ অধ্যক্ষ পদত বহুবাৰ প্ৰস্তাৱ দিয়া হয় দক্ষিণ এছিয়াৰ দেশসমূহৰ তৰফৰ পৰা। সেই অনুযায়ীহে কাম হৈছে।সকলো ঠিকে থাকিলে অহা ২২ মে’ত এবছৰৰ বাবে WHO-ৰ কাৰ্যকৰী বোৰ্ডৰ অধ্যক্ষ পদত বহিবলৈ আগবাঢ়িছে ভাৰতীয় প্ৰতিনিধি।













