ASSAM TIMES POST
ৰাজ্যত বেয়াৰ মাজত আহিল ভাল খবৰ।সুস্থ হৈ উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী সকল।পুনৰ ক’ৰোণা মুক্ত হল ১৬ গৰাকী ব্যক্তি।নতুনকৈ ক’ৰোণা মুক্ত হোৱা সকলৰ ভিতৰত ১২ জন মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ৰ, ৩জন শিলচৰ মেডিকেল কলেজৰ,আৰু ১ জন যোৰহাট মেডিকেল কলেজৰ।
দুবাৰকৈ কোভিড পৰীক্ষাত নিগেটিভ পোৱাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় লোক কেইজনক।অসমত বৰ্তমানলৈ ১২৫জন লোক সুস্থ হৈ উঠিছে।এইয়া ৰাজ্যৰ বাবে সুখবৰঃ।













