ASSAM TIMES POST
অসমত হাজাৰ অতিক্ৰম ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। নতুনকৈ ৮৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোণাৰ অৱস্থিতি।ইয়াৰে ৩০ গৰাকী কামৰূপ জিলাৰ।১৭ গৰাকী তিনিচুকীয়া , গুৱাহাটীৰ ১৪ গৰাকী, ১৪ গৰাকী ধুবুৰীৰ, ১০ গৰাকী কাছাৰৰ আৰু ৪ গৰাকী ধেমাজিৰ জিলাৰ।
ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১০২৪ গৰাকীলৈ।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













