ASSAM TIMES POST
নিউজ ডেস্ক:
চলিতবর্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাপয্য পূৰ্ণ মন্তব্য।তেজপুৰত শিক্ষামন্ত্ৰী গৰাকীয়ে জুনমাহৰ প্ৰথম সপ্তাহত ৰাজ্যত মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা হ’ব পাৰে বুলি গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰে।তাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক সাজু হবলৈ আহ্বান জনাইছে মন্ত্ৰী শৰ্মাই।
আনহাতে প্ৰথম পৰ্যায়ত দশম আৰু দ্বাদশ শ্ৰেণী ছাত্ৰী সকলৰ ক্লাছ সমূহ আৰম্ভ কৰিবলৈ চিন্তা কৰিছোঁ।যদি সেইয়া সম্ভৱ হয় ১৫ জুনৰ পাছৰ পৰা ক্লাছ সমূহ আৰম্ভ হব।কাৰণ ১০ জুনৰ পাছত ৰাজ্যলৈ বাহিৰৰ পৰা মানুহ অহা কমি যাব।তাৰপ্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা কৰা হৈছে-মন্ত্ৰী শৰ্মাই কয়।
ব্যক্তিগত ভাৱে দশম আৰু দ্বাদশ শ্রেণী ১৫ জুনৰ পৰা আৰম্ভ হব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় “যিহেতু স্কুল-কলেজসমূহ ভাৰত চৰকাৰে বন্ধ দিছে।তাৰ বাবে তেওঁলোকে খুলি নিদিয়ালৈ পৰিকল্পনা কৰিব নোৱাৰো।গতিকে ১জুনত তেওঁলোকৰ পৰা নতুন পত্ৰ আহিব তাৰ ভিত্তিত সিদ্ধান্ত লম আমি”।













