ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ক’ৰোনাৰ বিৰুদ্ধে হোৱা যুঁজত জয়ী হৈছে নিউজীলেণ্ড৷ চিকিৎসালয়ৰ পৰা শেষৰ গৰাকী ক’ৰোনা ৰোগী ঘৰমুৱা হ’ল৷ ফলত দেশখনত ক’ৰোনাত আক্ৰান্ত প্ৰত্যেকেই সুস্থ হৈ উঠিল৷ দেশখনত কোনো চিকিৎসাতয়ত নাই এজনো ক’ৰোনা ৰোগী৷ নিউজীলেণ্ডৰ স্বাস্থ্য বিভাগে এই কথা প্ৰকাশ কৰিছে৷
নিউজীলেণ্ডৰ স্বাস্থ্য বিভাগৰ বিষয়া ডাঃ এছলে ব্লুমফিল্ডে জনোৱা মতে বৰ্তমানে দেশখনৰ কোনো চিকিৎসালয়ত ক’ভিড-১৯ত আক্ৰান্ত ৰোগী নাই৷ সৰ্বশেষ ৰোগী মিডলমোৰ হাস্পতালৰ পৰা সুস্থ হৈ উঠি ঘৰলৈ গ’ল৷ বৰ্তমানে দেশখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২১জন৷ তেওঁলোকে ঘৰতে থাকি চিকিৎসা কৰিছে৷













