ASSAM TIMES POST
নিউজ ডেস্ক:
অচিৰেই বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰে সম্পৰ্ক বিচ্ছেদ কৰিব আমেৰিকাই।শুক্ৰবাৰে হোৱাইট হাউছত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ডোনাল্ড ট্ৰাম্পে।সংস্থাটোৰ ওপৰত অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে কয় যে-“মহামাৰী ক’ৰোনা ভাইৰাচ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থা সম্পূৰ্ণৰূপে বিফল হৈছে।আনকি বিশ্ব স্বাস্থ্য সংস্থা এতিয়া চীনৰ হাতৰ পুতলা বুলিও মন্তুব্য কৰে ৰাষ্ট্ৰপ্ৰধান ডোনাল্ড ট্ৰাম্পে।
উল্লেখ্য যে বিগত মাহত ডোনাল্ড ট্ৰাম্পে সংস্থাটোৰ কাৰ্যকলাপৰ ক্ষেত্ৰত পৰিবৰ্তন আনিবলৈ নিৰ্দেশ দিছিল।কিন্তু এইক্ষেত্ৰত সংস্থাটোৱে তেনে কোনো উল্লেখনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সংস্থাটোৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে যুক্ত ৰাষ্ট্ৰখনে।অৱশ্যে ইয়াৰ মাজতে ৰাষ্ট্ৰখনৰ চিৰশত্ৰু চীনলৈ তীক্ষ্ণ বাক্যবান সোধাই ডোনাল্ড ট্ৰাম্পে কয় যে চীনৰ চৰকাৰৰ অপৰাধৰ মুল্য আজি গোটেই বিশ্বই ভোগ কৰিছে।চীনেই ভয়ংকৰ মহামাৰী ক’ৰোনাৰ সৃষ্টি কৰিলে যাৰ বাবে প্ৰায় এক লাখতকৈও অধিক আমেৰিকাৰ জনসাধাৰণৰ মৃত্যু ঘটিল।













