ASSAM TIMES POST
নিউজ ডেস্ক:
চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সামান্য শিথিলতা পাছতে গুৱাহাটী মহানগৰীত আৰম্ভ হৈছিল ৰাজহুৱা পৰিবহন ব্যৱস্থা।কঠোৰ প্ৰশাসনৰ নিয়ম মানি পৰিবহন নিগমে আৰম্ভ কৰিছিল চিটিবাছ সেৱা।প্ৰথমে ১০০ খন চিটিবাছ চলোৱা ব্যৱস্থা কৰা হৈছিল যদিও পাছত যাত্ৰী সুবিধা বাবে প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত পুনৰ ১০০ খন চিটিবাছ বৃদ্ধি কৰা হৈছিল।অৰ্থাৎ ২০০ খন ব্যক্তিগত চিটিবাছ গুৱাহাটীত চলাচল কৰাৰ বাবে অনুমতি দিয়া হৈছিল।কিন্তু আচৰ্য্যজনক ভাৱে আজি গুৱাহাটীত মাত্ৰ ৫০-৬০খন সেৱা চলি আছে।এই কথা অৱগত কৰে সদৌ অসম মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে।
তেওঁ কয় ৫০% যাত্ৰী লৈ চিটিবাছ সমূহ চলাচল কৰিব পাৰিব বুলি কোৱা হৈছিল যদিও ৫০% মানুহো নহয় চিটিবাছত।সন্ধিয়ালৈ ২০০-৩০০ টকা কেৱল সংগ্ৰহ হয়।ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মালিক সকল আৰু বাছসমূহ অনুমতি থকাৰ পাছতো বন্ধ কৰি দিব লগা হৈছে”।
গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্ব ভাড়াতে চিটিবাছ সমূহে নিব লগা হৈছে ৫০% যাত্ৰী।তাতে সেই ৫০%যাত্ৰীও নাথাকে বাছত।দুই-তিনিজন যাত্ৰী লৈ বাছ সমূহ চলি আছে- দাসে লগতে কয়।
উল্লেখ যে গুৱাহাটী মহানগৰীত প্ৰায় ৭০০ চিটিবাছ আছে।সেই বাছ সমূহৰ লগত প্ৰায় ২১শ কৰ্মচাৰী জড়িত হৈ আছে।লকডাউনৰ বাবে যোৱা মার্চ মাহৰ পৰা বন্ধ হৈ থকাত প্ৰায় ১৬ কোটি টকা লোকচান হৈছে বুলি জানিব দিয়ে সম্পাদক দাসে।
ইফালে অহা ৩০ জুনলৈ ভাৰত চৰকাৰে ৰোড টেক্স জমা দিয়া সময় বৃদ্ধি কৰিছে।কিন্তু অসম চৰকাৰে ৩১ মে’লৈহে ইয়াৰ সময় সীমা বৃদ্ধি কৰিছে।কি কাৰণে ৰাজ্য চৰকাৰে আমাৰ কথা ভাবি ছোৱা নাই- দাসে লগতে কয়।













