ASSAM TIMES POST
ৰাজ্যত ভাল খবৰ।সুস্থ হৈ উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী সকল। পুনৰ ক’ৰোণা মুক্ত হল ৩৮ গৰাকী লোক।সুস্থ হোৱা লোকসকলৰ ১১ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত, ১৪ গৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয়ত, ৮ গৰাকী ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত, ৩ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷

সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা ১৬৩গৰাকী আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যা ৯৩০ ৷













