ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
গুৰুতৰ অসুখত আক্রান্ত হৈ বৰ্তমান গুৱাহাটীৰ গেট হস্পিটেলত চিকিৎসাধীন হৈ আছে নুমলীগড়ৰ বিশিষ্ট সাংবাদিক প্ৰদীপ কুমাৰ বৰা। যোৱা ৩ মাহ ধৰি গুৰুতৰভাৱে অসুস্থ বৰাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বৃহৎ অংকৰ ধন। সেয়েহে বোকাখাত মহকুমা সাংবাদিক সংস্থাই আজি বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্রী অতুল বৰাৰ যোগেদি মুখ্যমন্ত্রীলৈ প্ৰয়োজনীয় সহায় বিচাৰি আবেদন জনোৱাৰ লগতে মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰিছে।
ইফালে আজি অসম ৰাজ্যিক সাংবাদিক সন্থা তথা বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যীৰ নেতৃত্বত এটি দলে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাক কঁহৰাৰ ‘মাণ্ডু লজ’ত লগ ধৰি সাংবাদিক গৰাকীৰ চিকিৎসাৰ বাবে যথা বিহিত ব্যবস্থা গ্ৰহণৰ বাবে এখনি আবেদন প্ৰদান কৰে।

মন্ত্ৰী গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে খৰতকীয়া ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাক দায়িত্ব দিয়ে আৰু সাংবাদিক গৰাকীৰ চিকিৎসাৰ আশ্বাস প্ৰদান কৰে। ইফালে সাংবাদিক সতীৰ্থ গৰাকীৰ প্ৰয়োজনীয় ধনৰ সামান্য সকাহৰ বাবে বোকাখাতৰ সাংবাদিক সকলেও সামৰ্থ অনুযায়ী ব্যক্তিগত সহায় আগবঢ়াইছে।
আনহাতে বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালাই সাংবাদিক গৰাকীৰ আৰোগ্যৰ বাবে ইতিমধ্যে অৰ্দ্ধলক্ষাধিক টকা প্ৰদান কৰিছে। সাংবাদিক প্ৰদীপ কুমাৰ বৰাৰ চিকিৎসাৰ সাহায্য বিচাৰি চলিত বৰ্ষত উদযাপন হৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আদৰণী সমিতিলৈকো আবেদন জনোৱা হৈছে।
উল্লেখ্য যে বোকাখাত মহকুমাৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত সাংবাদিক বৰা এগৰাকী নাট্যকৰ্মী, সুলেখক হোৱাৰ লগতে বিশিষ্ট সাংস্কৃতিক কৰ্মীও। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ শীৰ্ষ গীতি-কবিতাটিৰ সামগ্ৰিক পৰিকল্পনা, ৰচনা, পৰিচালনা প্ৰদীপ কুমাৰ বৰাৰ। বৰা আদৰণী সমিতিৰ প্ৰচাৰ উপসমিতিৰ সভাপতি। সাংবাদিক, সাংস্কৃতিক কৰ্মী বৰা অনতিপলমে আৰোগ্য হৈ বোকাখাতলৈ উলটি অহাৰ কামনা কৰিছে পৰিয়ালৰ লগতে তেওঁৰ গুণমুগ্ধ সকলে।













