ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত জানি লওঁক:
ক’ৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দিয়া ল’ক ডাউনৰ ফলত মাৰ্চৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল-কলেজ ৷ অনলাইন ক্লাছ চলি আছে যদিও বিশেষ আগবঢ়া নাই পাঠদান ৷ এনে পৰিপ্ৰেক্ষিতত সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ কেবিনেটে ৷ এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ হৈ ক’লে- “সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শিক্ষাবৰ্ষ পহিলা এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব ৷”খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় ৰাজ্যৰ শিক্ষা সলনি সিদ্ধান্ত।উল্লেখ যে পূৰ্বতে ৰাজ্য শিক্ষাবর্ষ আছিল জানুৱাৰী পৰা ডিচেম্বৰলৈ।
ক’ৰোণা মহামাৰী, বানৰ বিধ্বংসী ৰূপ, ভয়াৱহ গৰাখহনীয়া আদিৰে জৰ্জৰিত ৰাজ্যখনক আগবঢ়াই নিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৰাজ্যিক কেবিনেটত ৷ কেবিনেটৰ অন্য এটা সিদ্ধান্ত অনুসৰি অসম ভৱনৰ কৰ্মচাৰী চাকৰি এতিয়া পৰা বদলিকৰণ হ’ব।পূৰ্বে কৰ্মচাৰীৰ চাকৰি বদলিকৰণৰ ব্যৱস্থা নাছিল।এমেণ্ডমেণ্ট এফ বেংগল-আগ্ৰা-আসাম চিভিল কৰ্ট এক্ট-১৮৮৭ অনুসৰি পূৰ্বে জিলা কৰ্ট সমূহে ৫০ হাজাৰ টকা লৈ গোচৰ মীমাংখা কৰিব পাৰিছিল বৰ্তমান ১০লাখ টকাকৈ পাৰিব।
বৈঠকত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক ক’লে- “ক’ৰোণা ভাইৰাছৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা অসমৰ উদ্যোগখণ্ডক আগবঢ়াই নিবৰ বাবে MSME অৰডিনেন্স পাছ কৰা হৈছে আজিৰ বৈঠকত ৷ এয়া ঐতিহাসিক সিদ্ধান্ত। এই অৰডিনেন্স মতে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী স্থাপনৰ বাবে উদ্যোগীয়ে তিনিবছৰলৈ কোনো অনুমতি বিচাৰিব নালাগে ৷ কেৱল উদ্যাোগ বিভাগক এখন আবেদন দিব আৰু বিভাগে আবেদন পত্ৰ পোৱা বুলি একনলেজ পত্ৰ দিব ৷ সেই পত্ৰই অনুমতি পত্ৰৰ কাম কৰিব ৷ বেলেগ বিভাগৰ পৰা উদ্যোগীয়ে এতিয়াৰে পৰা অনুমতি বিচাৰি ঘূৰি থাকিব নালাগে ৷”
সোমবাৰৰ বৈঠকত কোভিড-১৯, বানপানীৰ দায়িত্ব যেনেদৰে মন্ত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে দিছে, সেই নিৰ্দেশ সকলোৱে পালন কৰিব বুলি জনাই মন্ত্ৰী পাটোৱাৰীয়ে।সাম্প্ৰতিক বান সমস্যা আৰু গৰাখহনীয়াক লৈ বিস্তৃত আলোচনা মন্ত্ৰী পৰিষদৰ বৈঠকত কৰা হয় ৷ “বনবিধ্বস্ত লোকক সকলো সা-সুবিধা দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷ পশুৰ খাদ্য সামগ্ৰী যোগানৰ নিৰ্দেশ ৷ খাদ্য সামগ্ৰী, চিকিৎসা সেৱা দিবলৈ নিৰ্দেশ দিছে।
ইপিনে ল’ক ডাউন ঘোষণা কৰাৰ লগে লগে ব্যৱসায়ীয়ে সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ প্ৰসংগতো সোমবাৰৰ বৈঠকত আলোচনা হয় ৷ এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে কয়, “মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে ৷ ইতিমধ্যে তিনিজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে ৷”
আসাম কলেজ কৰ্মচাৰী নিয়মীয়াকৰণ আইন-২০০৫ অনুসৰি যি সমূহ কলেজৰ কৰ্মচাৰী চাকৰি নিয়মীয়া কৰণ হোৱা নাছিল সেই সকলে চি পি এফ ফাণ্ড ঘূৰাই দিলে লাভ কৰিব এতিয়া পৰা পেঞ্চন।প্ৰতিজন মন্ত্ৰীক দায়িত্ব লাভ কৰা নিজ নিজ সমষ্টিত বানপানী আৰু কভিড ক্ষেত্ৰত নিয়াৰিকৈ দায়িত্ব পালন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ প্ৰদান কৰিছে।কেবিনেট সিদ্ধান্ত কথা অৱগত কৰে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।













