
ডিফু : সমাগত বিধানসভা নির্বাচনৰ প্রাকক্ষণত বিটিএডি এলেকাৰ ৰাজনৈতিক প্রেক্ষাপটত একপ্রকাৰ চমক সৃষ্টি কৰি বড়ো সংগঠনৰ বুজনসংখ্যক নেতাই আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰাৰ পিছত বড়ো জনজাতি প্রভাব থকা এলেকাসমূহত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে সম্মিলিত বড়ো ঐক্যমঞ্চ চমুকৈ ইউবিপিআই। সংগঠনটোৰ নেতৃবর্গই কালি বিয়লি বড়ো ভোটাৰৰ বিশেষ প্রভাব থকা লাংহিনত কালি বিয়লি এলেকাটোৰ অগ্রণী বড়ো সংগঠনসমূহৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক ৰাজহুৱা সভাত মিলিত হয়।
ইউবিপি-অৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত কালি বিয়লি লাংহিনৰ আনন্দৰাম মুছাহাৰী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাখনত ঘাইকৈ কাৰ্বিআংলং জিলাত বসবাস কৰি থকা বড়োসকলৰ বিভিন্ন সমস্যা সম্পর্কে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।
ইউবিপি-অৰ কার্বি আংলাং জিলা সমিতিৰ সভাপতি বাদল মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক অনিল বসুমতাৰী, উপদেষ্টা ৰমেন্দ্র ব্রহ্ম, বিপিন গয়াৰী প্রমুখ্য কৰি কেন্দ্রীয় নেতৃবৃন্দ উপস্থিত থকাৰ লগতে কার্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনসমূহৰ মুৰব্বীসকল, লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্রহ্ম, লাংহিন ভিডিচিৰ অধ্যক্ষ খনছাই বসুমতাৰী, সাহিত্য অকাডেমী বটাপ্রাপক ডঃ প্রেমানন্দ মুছাহাৰী, অৰবিন্দ উজীৰ, ঋতুৰাজ বসুমতাৰী আদি উপস্থিত থাকে।
সভাখনত কাৰ্বি আংলং জিলাত যুগ যুগ ধৰি বসবাস কৰি থকা বড়ো লোকসকলৰ বিভিন্ন সমস্যাসমূহ সম্পর্কে অৱলোকন কৰে প্রাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি শাস্তন বসুমতাৰী আৰু কছাৰী সমাজৰ সভাপতি উত্তম চন্দ্র ব্রহ্মাই।













