![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন সমাগত হোৱাৰ লগে লগে কোনো প্রাপ্তবয়স্ক নাগৰিকে যাতে ভোটাধিকাৰ সাব্যস্থ কৰাৰ সুযোগৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ প্রতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা প্রশাসনৰ উদ্যোগাত আজি দিনজোৰা কার্যসূচীৰে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা ধনশিৰিত এক ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ শিৱিৰ অনুষ্ঠিত কৰা হয়।
উক্ত শিৱিৰত ২০২১ চনৰ পহিলা জানুৱাৰীৰ ভিতৰত ১৮ বছৰ বয়সত ভৰি দিয়া নাগৰিসকলৰ নাম যাতে ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱাটো নিশ্চিত কৰাৰ বাবে এই শিৱিৰৰ আয়োজন কৰা হয়। ধনশিৰি এম.ই স্কুলত আজি দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হোৱা শিৱিৰটোত অংশগ্রহণ কৰি কাৰ্বি আংলং জিলা উপায়ুক্ত চন্দ্রধ্বজ সিনহাই যোৱা ২৬ আৰু ২৭ নবেম্বৰৰ লগতে ৫ আৰু ৬ ডিচেম্বৰত এই শিৱিৰ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে। জিলা নির্বাচনী বিষয়া জিন্টু বৰাই শিৱিৰটোত অংশগ্রহণ কৰি গণতন্ত্রক শক্তিশালী কৰি তোলাৰ বাবে সকলোকে আগুৱাই আহিবলৈ আহ্বান জনায়।
আনহাতে, মাউন্ট এভাবেষ্ট বিজয়ী খৰছিং তেৰাঙে শিৱিৰটোত অংশগ্রহণ কৰি এতিয়ালৈকে যিসকলৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা নাই, সকলোকে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰোৱাৰ বাবে আহ্বান জনায়। ভালেসংখ্যক চৰকাৰী গাঁওবুঢ়া, বি.এল.অ’কে ধৰি বহুসংখাক লোকে আজিৰ এই শিৱিবত অংশগ্রহণ কৰে।












