![]()
লংকাৰ পৰা মনোজ কুমাৰ
লংকা : হোজাই জিলাৰ লংকাত বনবিভাগৰ অভিযানত উদ্ধাৰ এটি অবৈধ কাঠফলা মিল ৷ আজি সন্ধিয়া লংকা বন আঞ্চলিক বিষয়াৰ এটি দলে স্থানীয় আৰক্ষীৰ সহযোগত উদালী চূৰাঙগিত অভিযান চলাই জব্দ কৰে প্ৰায় লক্ষ্যাধিক টকা মূল্যৰ অবৈধ কাঠফলা মিলটো। ঘটনা সন্দৰ্ভত কাকো আটক কৰা হোৱা নাই৷ লামডিং বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত দিনক দিনে সষ্টম হৈ পৰিছে লংকা বন বিভাগ।
লংকা আঞ্চলিক বন বিষয়া নিৰোদ কুমাৰ সুতে আঞ্চলিক বন বিষয়াৰ কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা পূৰ্বতকৈ বনকৰ্মীসকল অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ।












