![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ বামুনগাঁৱৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। নম্বৰপ্লেট বিহীন এভেঞ্জাৰ বাইকৰ খুন্দা এখন চাইকেলত। দুৰ্ঘটনাটোৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত ছিটিকি পৰে বাইক আৰোহীদ্বয়। পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে আনজনৰ অৱস্থা সংকটজনক।
সংকটজনক অৱস্থাত থকা বাইক আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ। নিহত আৰু আহত বাইক আৰোহী দুগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাটোত চাইকেল আৰোহী তাজউদ্দীন জনো কম বেছি পৰিমাণে আঘাটপ্ৰাপ্ত হয়।












