![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মহাসচিব দেশৰ ৰাজ্যৰ ইমুৰৰ পৰা সিমূৰলৈ ঘূৰি দলীয় কৰ্মীক উৎসাহিত কৰা পৰিলক্ষিত হৈছে ৷ আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হোৱা দলৰ যুটীয়া বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্রহণ কৰে প্রদেশ কংগ্রেছৰ তত্বাৱধায়কগৰাকীয়ে।
আজি পাহাৰীয়া জিলাখনত উপস্থিত হৈ দলীয় সভাত অংশগ্রহণ কৰি দলৰ নেতা-কর্মীসকলক নির্বাচনৰ পুর্বে দলীয় নেতা-কর্মীসকলক উজ্জীৱিত কৰি তোলে। ডিফুৰ আৰবৰেটাম কাম ক্রাফট চেন্টাৰত আজি দিনৰ প্রায় ১১ বজাৰ পৰা কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি খৰছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি জাতীয় কংগ্রেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছৰ তত্বাবধায়ক জীতেন্দ্র সিঙে সমাগত নির্বাচনৰ প্রাকক্ষণত দলটোৰ বুথ সমিতিৰ কর্মকর্তাসকলে পালন কৰিবলগীয়া দায়িত্ব সম্পর্কে বিস্তৃতভাবে ব্যাখ্যা আগবঢ়ায়।
দলৰ ইস্তাহাৰ কোনো হোটেল অথবা আৱর্ত ভৱনত নহয় বৰঞ্চ সাধাৰণ জনতাৰ মাজত থাকি প্রস্তুত কৰিব লাগিব বুলি মন্তব্য কৰে। অসমৰ সকলো ক্ষেত্রতে আজিৰ দিনত ভয়ংকৰভাৱে ভ্রষ্টাচাৰ সংঘটিত হোৱা বুলিও নেতাগৰাকীয়ে লগতে দাবী কৰে।
অসমত সকলো ক্ষেত্রতে জনতাই মাফিয়া কৰ ভৰিবলগীয়া হোৱা অভিযোগ কৰাৰ লগতে অন্য সমস্যাৰ পৰিৱর্তে ধর্মক লৈহে অধিক চর্চা হোৱা বুলি ক্ষোভ ব্যক্ত কৰে। অসমৰ কংগ্রেছ দলৰ সম্পাদকগৰাকীয়ে এ আই ইউ ডি এফ দলৰ সৈতে কোনো আনুষ্ঠানিক মিত্রতা হোৱা নাই বুলি সদৰি কৰি অসমৰ সকলোৰ বাবে মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰে।
আনহাতে, সভাত উপস্থিত থাকি প্রদান কৰা ভাষণত অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি দলৰ সমালোচনাত সৰৱ হৈ পৰাৰ লগতে কংগ্রেছ দলৰ পৰবর্তী পৰিকল্পনাসমূহ সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ বাবে দলীয় কর্মকর্তাসকলক আহান জনায়। সাংবাদিকৰে হোৱা বার্তালাপত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে সম্প্রতি নির্বাচন অনুষ্ঠিত হৈ থকা বি টি এ ডিৰ নির্বাচনত কোনোটো দলেই দহখনতকৈ অধিক আসন লাভ নকৰে বুলি মন্তব্য কৰে।
বিপিএফ দলৰ সৈতে নির্বাচনোত্তৰ বুজাবুজি সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট মন্তব্য প্রকাশৰ পৰা বিৰত থকা সভাপতিগৰাকীয়ে সময়ত এইক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে।
আনহাতে, ২০১৬ৰ নির্বাচনৰ আগে আগে মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কার্বি আংলঙলৈ আহি তেতিয়াৰ কংগ্রেছী নেতা তথা কার্বি আংলং স্বায়ত্তশাসিত পৰিদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দুর্নীতিৰ কথা উল্লেখ কৰি তুলিৰামক কাৰাগাৰলৈ প্রেৰণ কৰি পৰিষদত তলা লগোৱাৰ কথা কৈছিল যদিও তুলিৰাম ৰংহাঙে বিজেপিত যোগদান কৰাৰ পিছতে সকলো দোষ নোহোৱা হ’ল বুলি তীর্যক মন্তব্য কৰে। ইয়াৰ পৰিৱর্তে কংগ্রেছ দল শাসনলৈ আহিলেই তুলিৰাম ৰংহাঙৰ সকলো দুর্নীতি মুকলি কৰি তদন্তৰ জৰিয়তে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে।
আনহাতে, ২০২১ব নির্বাচনত অসমত নীৰৱ বিপ্লৱৰ সূচনা হ’ব বুলি মন্তব্য কৰি অসমৰ জনতাই কংগ্রেছৰ সপক্ষে ৰায়দান কৰিব বুলি প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে দাবী কৰে। সভাখনত লগতে ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ, প্রাক্তন সাংসদ আৰ পি শর্মা, প্রদেশ যুব কংগ্রেছব সভাপতি কামৰুল চৌধুৰী, প্রাক্তন সাংসদ বীৰেণ ছিং ইংতি আদি উপস্থিত থাকে।
সভা আৰম্ভ হোৱাৰ পূর্বে দলটোৰ শীর্ষ নেতৃত্বৰ অংশগ্রহণেৰে কংগ্রেছ দলৰ নেতা-কর্মীসকলে তিনিখন বিতর্কিত কৃষি আইনৰ বিৰোধিতা কৰি প্রধানমন্ত্ৰী নৰেন্দ্র মোডীৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্থ কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।












