![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ ইকৰাজান গড়মূৰ গাওঁ নিবাসী ৰমেশ শৰ্মা হাজৰিকা (৮৬) যোৱা ৮ ডিচেম্বৰৰ নিশা নিজা গৃহত বয়স দেহাৱসান ঘটে। ৮৬ বছৰীয়া জীৱনকালৰ ৫২ বছৰেই চাকৰি কৰি আজীৱন কৰ্মোদ্যমী হিচাপে পৰিচিত শৰ্মা হাজৰিকাই বোকাখাত চাহ বাগিছাত কাম কৰি অৱসৰ গ্ৰহণ কৰে। শৰ্মা হাজৰিকা যোৰহাট জে, বি, কলেজত সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সহপাঠী আছিল। নুমলীগড় তেল শোধনাগাৰ নগৰাঞ্চলৰ সমবায় সমিতিৰ মেনেজাৰ হিচাপে মৃত্যুৰ সময়লৈকে সেৱা আগবঢ়াইছিল শৰ্মা হাজৰিকাই।
উল্লেখ্য যে শৰ্মা হাজৰিকাই স্বভাৱলব্ধভাৱে কঠোৰ পৰিশ্ৰমী আৰু কঠোৰ প্ৰশাসক তিনিজনকৈ ব্ৰিটিছ মেনেজাৰৰ অধীনত চাকৰি কৰিছিল যাৰ প্ৰভাৱত এগৰাকী সু-সংগঠক আৰু সুপ্ৰশাসক হিচাপে তেওঁ নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। চাহ শ্রমিকসকলৰ মাজত অসমীয়া ভাষাৰ নাটক কৰা, বিহু পতা আদিত গুৰুত্ব দি চাহ জনগোষ্ঠীয় সমাজখনৰ লগতে চাহ কৰ্মচাৰীসকলক আগবঢ়াই নিছিল। সমাজ সংগঠক, ক্ৰীড়া সংগঠক হোৱাৰ লগতে শৰ্মা হাজৰিকা এগৰাকী ভাল খেলুৱৈ, নাট্যকৰ্মী, শিক্ষানুৰাগী আৰু সাংস্কৃতিককৰ্মী আছিল। শিক্ষাৰ প্ৰতি থকা ধাউতিৰ বাবেই তেওঁৰ অতি কষ্টসাধ্য প্ৰচেষ্টাৰে চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নতিৰ স্বাৰ্থত গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণ সম্ভৱ হৈছিল। বোকাখাত চাহ বাগিছাত প্ৰথম বিহু মঞ্চ পাতি বোকাখাত অঞ্চলত মঞ্চ বিহুৰ প্ৰচলনৰ গুৰি ধৰিলে তেওঁ। চাহ বাগিছাত মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ। অসম মাদক দ্ৰব্য নিবাৰণ সমিতিয়ে আগবঢ়োৱা প্ৰথমটো বঁটা বোকাখাত চাহ বাগিছাই তেওঁক নিজ গৃহতে প্ৰদান কৰিছিল।
সমাজৰ সকলো শ্ৰেণীৰ মাজত জনপ্ৰিয় এইগৰাকী সমাজ হিতৈষীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। শৰ্মা হাজৰিকাৰ মৃত্যুত গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়, বোকাখাত চাহ বাগিছা কৰ্মচাৰীবৃন্দৰ লগতে বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল-সংগঠন, ব্যক্তিয়ে বিদেহ আত্মালৈ শ্ৰদ্ধা নিবেদন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। দুবছৰ পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু ঘটে। দুই পুত্র আৰু এগৰাকী বিবাহিতা কন্যাৰ লগতে নাতি, নাতিনী আৰু অজস্ৰ গুণমুগ্ধক এই সংসাৰত এৰি থৈ গৈছে শৰ্মা হাজৰিকাই।













