![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পিষ্টলসহ গুলী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ পিষ্টলটো। একেখন মটৰ চাইকেলত অহা তিনি যুৱকক তালাচী চলাই উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি ৷ আৰক্ষীয়ে ধৃত তিনিজন যুৱকৰ পৰা এটা 7.65 পিষ্টল, এটা মেগজিন আৰু তিনি জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ধৃত তিনি যুৱক ক্ৰমে নাগালেণ্ডৰ বেঞ্জামিন ছ’হে , নিকা আৱামী আৰু মমেন্ট’ চুমী। বৰ্তমান খটখটী আৰক্ষীয়ে তিনি যুৱকক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।












