![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছত সংঘটিত হৈছে এক জঘন্য কাণ্ড। পঞ্চাচ উৰ্ধৰ এজন লম্পত ব্যক্তিৰ কামনাৰ বলি হ’ল এগৰাকী ১২ বছৰীয়া কিশোৰী। ঘটনাটো সংঘতিত হয় বৈঠালাংছ’ থানাৰ অন্তৰ্গত টেংকেৰালাংছ’ত। কনক মমিন নামৰ এজন লম্পদ তথা সয়ম্ভূ চিকিৎসকে কাম-বনৰ লগতে পঢ়াশুনা কৰাবৰ বাবে নিজ ঘৰতে ৰাখা এগৰাকী ১২বছৰীয়া কিশোৰীৰ ওপৰত চলাইছিল এই যৌন নিৰ্যাতন।
জানিব পৰা মতে লম্পট মমিনে ঘৰতে থকা ফাৰ্মাচীৰ এটা আচুতীয়া কোঠাতেই প্ৰায় দুমাহ ধৰি কিশোৰী গৰাকীৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন। শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পিছতেই কাৰ্বি পাহাৰত সৃষ্টি হৈছে চাঞ্চল্যৰ।
ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বৈঠালাংছ’ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কনক মমিনক। লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(২)(এফ)আৰু পকচ’ আইনৰ ৬ ধাৰাত বৈঠালাংছ’ থানাত এক গোচৰ ৰুজু কৰিছে বৈঠালাংছ’ আৰক্ষীয়ে।
আনহাতে কিশোৰী গৰাকীক কালি সন্ধিয়া ডিফুলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বৰ্তমান জিলা চাইল্ড লাইনৰ তত্ত্বাৱধানত ৰখা হৈছে কিশোৰী গৰাকীক। সমগ্ৰ ঘটনাটো ভালকৈ তদন্ত কৰি লম্পত মমিনক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে পশ্চিম কৰ্বিআংলং জিলা কাৰ্বি ছাত্ৰসন্থায়ে ।













