![]()
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাতৰ ৰজাবাৰীতো নুমলীগড় ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰে। ৰজাবাৰীৰ স্থায়ী শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে আজি সন্ধ্যা অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম আন্দোলনৰ অগ্ৰণী নেতা, নিৰ্যাতিত ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষক কমল ভূঞাই। ভূঞাই তেখেতৰ বক্তব্যত অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা অসম চুক্তি বৰ্তমান অসমৰ ৰাজনৈতিক নেতাই কেন্দ্রীয় চৰকাৰক বন্ধকত দি গাদী দখলৰ প্ৰতিযোগিতাত নমা বুলি তীৰ্যক মন্তব্য কৰে।

অসম আন্দোলনৰ সময়ত বোকাখাত ছাত্র সন্হাৰ দায়িত্বত থকা বুবুল দত্তয়ো বক্তব্য প্ৰদান কৰে। ছাত্র নেতা হৰ্ষজ্যোতি ভূঞাই আঁত ধৰা অনুষ্ঠানত আছুৰ ভালেসংখ্যক সদস্যৰ লগতে অংকুৰণ সাহিত্য সভাৰ সভাপতি সম্পাদক ক্ৰমে মুহিৰাম লইং আৰু প্ৰহ্লাদ দাস, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় কমিটিৰ যুটীয়া সম্পাদক বিপুল বৰা, ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।













