![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এগৰাকী প্ৰতিভাবান কিশোৰ। যাৰ প্ৰতিভাই এতিয়া হৃদয় জিনিছে সকলোৰে। শৈশৱ কালৰে পৰা লোকবাদ্যৰ নীৰৱ সাধনা কৰি গৈছে কিশোৰটিয়ে। আন দহজন কিশোৰতকৈ ব্যতিক্ৰম লংকাৰ বামুণগাঁও তিনিআলিৰ অম্লানজ্যোতি ভূঞা। ধীৰেন ভূঞা আৰু চীনু ভূঞাৰ সুযোগ্য সন্তান অম্লানজ্যোতি। মনত প্ৰৱল ইচ্ছা শক্তি আৰু দুৰ্বাৰ হেপাহেৰে শৈশৱ কালৰ পৰা লোকবাদ্যৰ চৰ্চা অব্যাহত ৰাখিছিল কিশোৰটিয়ে।
লোকবাদ্যৰ কোনো আনুষ্ঠানিক শিক্ষা তথা প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ অম্লানে কৰি গৈছিল নীৰৱ সাধনা। আৰু সেই সাধনাৰ ফলতেই যেন আজি সম্ভৱ হৈ উঠিছে সকলো। আনক অনুসৰণ কৰি বাঁহী বজাবলৈ শিকা অম্লানজ্যোতিৰ বাঁহীৰ সুৰত এতিয়া মুগ্ধ হৈছে সকলো। কেৱল বাঁহীয়ে নহয়। লোকবাদ্য খোল, ঢোল, নাগাৰা আৰু পেপা বজোৱাটো বিশেষ পাৰদৰ্শিতা দেখুৱাইছে নৱম শ্ৰেণীৰ ছাত্ৰ অম্লানজ্যোতি ভূঞাই। কেৱল ইমানেই নহয় অম্লানৰ আছে আৰু অন্যান্য কৰ্ম প্ৰতিভাও। অধ্যয়নৰ সমান্তৰাকৈ কৃষি কৰ্মৰ সময়ত দেউতাৰ লগত পথাৰলৈ যায় অম্লান। কৃষি কৰ্ম কৰিবলৈ পিতৃয়ে ক্ৰয় কৰি অনা এইখন পাৱাৰ তিলাৰে মাটি চহাই দেউতাকক কৃষি কৰ্মত সহায় কৰি দিয়ে কিশোৰটিয়ে।
প্ৰতিভাৱান অম্লানৰ এনে অসাধাৰণ প্ৰতিভাৰ এতিয়া শলাগ লৈছে অঞ্চলবাসীয়েও। লোকবাদ্য প্ৰশিক্ষণৰ উপযুক্ত সুযোগ আৰু সুবিধা পালে অনাগত দিনত প্ৰতিভাবান কিশোৰটিয়ে এগৰাকী লোকবাদ্যৰ শিল্পী হিচাপে। প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে অঞ্চলবাসীয়ে।












