![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো অপৰাধীচক্ৰৰ তৎপৰতা অব্যাহত আছে। আজি পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীৰ চিআৰপিএফ শিৱিৰৰ সমীপত এমএন-০৫-চি-১৯৫৪ নম্বৰৰ এখন তেল পৰিবাহী টেংকাৰত অভিযান চলায়।

উক্ত অভিযানত আৰক্ষীয়ে দুটা চাবোনৰ বাকচ আৰু এটা প্লাষ্টিকৰ পেকেটত ভৰাই অনা অৱস্থাত ২৭ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটো মণিপুৰৰ ইম্ফল জিলাৰ চেকমাই থানাৰ অন্তৰ্গত কাংলাটংবিৰ ৰোশন কুমাৰ (২৭) বুলি চিনাক্ত কৰা হৈছে।













