![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং আৰু ডিমা হাছাওৰ দুই পাৰ্বত্য জিলাৰ বাহিৰত থকা ভৈয়ামৰ কাৰবিসকলক জনজাতি ভুক্ত আৰু স্বায়ত্তশাসিত অধিকাৰ প্ৰদান কৰাৰ দাবীত আজি কামৰূপ মেট্ৰ’ জিলাৰ ছচলত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ভৈয়ামৰ বিভিন্ন জিলাৰ পৰা অহা কাৰবিসকলৰ প্ৰায় ৫ শতাধিক প্ৰতিনিধি, সদস্য সমবেত হৈ প্ৰতিবাদ সাব্যস্থ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ ন’ অট’নমাছ ন’ৰেষ্ট, ভৈয়ামৰ কাৰবিক জনজাতিকৰণ কৰক, স্বায়ত্তশাসিত পৰিষদৰ সুবিধা প্ৰদান কৰক, ইনকিলাব জিন্দাবাদ আদি ধ্বনিৰ প্ৰায় চাৰিঘণ্টা জোৰা ধৰ্ণাস্থলী উত্তপ্ত কৰি তোলে৷
উল্লেখ যোগ্যে কাৰবিসকল জনজাতি হোৱাৰ পিছতো দুই পাৰ্বত্য জিলাৰ বাহিৰত থকা ভৈয়ামৰ কাৰবিসকলে সাংবিধানিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আহিছে ৷ স্বাধীনতা লাভৰ পিছৰ পৰা কাৰবিসকলক পাহাৰীয়া জনগোষ্ঠী হিচাপে চিনাক্তকৰণ কৰি পাহাৰীয়া জিলা দুখনৰ বাহিৰত থকা ভৈয়াম জিলাকেইখনত জনজাতিৰ মর্য্যদা প্রদান কথা হোৱা নাই। প্রায় ৭০ দশক ধৰি ভৈয়ামৰ কাৰবি জাতিৰ প্রতি এই অন্যায় নীতি চলি আহিছে। সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কাৰবি জনগোষ্ঠীৰ একাংশ লোক আত্মপৰিচয়ৰ লগতে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিকভাৱে শোষিত, বঞ্চিত হৈ আহিছে।
বহু বছৰৰ পৰা এই ভৈয়ামৰ কাৰবি সকলক অনুসচীত জনজাতি কৰাব বাবে কাৰবি সংগঠনসমূহে যৎপৰোনাস্তি চেষ্টাৰে এই বিষয়ত লাগি আছে। এইলৈ ভৈয়ামৰ কাৰবি সকলে সন্মিলিতভাৱে (Co-ordination Committee of Karbi Organizations outside Karbi Anglong and Dima Hasao) গঠন হৈছে ৷ এই জিলা দুখনৰ বাহিবত থকা জাতীয় সংগঠনসমূহৰ দ্বাৰা গঠন কৰা সমন্বয়ৰক্ষী চমুকৈ CCKOA ই পৰৱৰ্তী কার্যসূচী হিচাপে অহা ইংৰাজী ২৭ ডিচেম্বৰত আন এক তাৰিখ, ৰবিবাৰে সোণাপুৰ খেলপথাৰত এক বিশাল গণ সমাৱেশৰ কার্যসূচী লৈছে বুলি এএকেৱাইএৰ সাধাৰণ সম্পাদক কমল ৰংহাঙে জানিবলৈ দিছে । কাৰবি আংলং আৰু ডিমা হাচাওৰ বাহিৰত বসবাস কৰা সকলো কাৰবি ৰাইজকে দলে-বলে আহি এই দুয়োটা দিনতেই যোগদান কৰি নিজৰ প্রাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে।
কভিড প্রটকল অনুসৰণ কৰি মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব মানি চালি এই ধর্ণা কার্য্যসূচী আৰু গণ সমাৱেশত অংশগ্রহণ কৰিবলৈ সকলোকে উদ্যোক্তাসকলে আহ্বান জনাইছে৷












