![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কোৰোনা মহামাৰীৰ প্ৰকোপ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাৰ লগে লগে অসমীয়া জাতিধ্বংসী আইন হিচাপে অভিহিত হোৱা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসমৰ চুকে কোণে পুনৰ প্ৰতিবাদৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। ইয়াৰে অংশ হিচাপে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বকলীয়াঘাটত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। আজি বিয়লি প্ৰায় দুই বজাত সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসৰ নেতৃত্বত সংগঠনটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে হাতে হাতে সংগঠনটোৰ পতাকাৰ লগতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড লৈ বকলীয়াঘাট নগৰৰ মাজেৰে যোৱা সমদলত অংশ লয় ।
প্ৰতিবাদকাৰীসকলে নগতে ’জয় আই অসম’, ’অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ’, ’আহ ঐ আহ ওলাই আহ’, ’কা বাতিল কৰক’, ’ কা আমি নামানো’, ’ বিজেপি গ’ বেক’, ’হোৱা যদি অসমীয়া, আমাৰ সৈতে ওলাই আহা’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদলৰ শেষত প্ৰতিবাদকাৰী সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদকে ’কা’ৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে এই আইনখন উত্তৰ-পূৱৰ জনতাৰ ওপৰত জাপি দিয়াৰ মানসিকতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে।












