![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰা হয় ৷ ইয়াৰোপৰি বোকাজান আদালততো লোক আদালত অনুষ্ঠিত হৈ যায়৷ অপৰাধমূলক, দেৱানী, মটৰ দুৰ্ঘটনা জনিত গোছৰৰ লগতে এপিডিচিএল, বিএছএনএল, ষ্টেট বেঙ্ক অফ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেঙ্ক আৰু চেণ্ট্ৰেল বেঙ্ক ইণ্ডিয়াৰ গোছৰসমূহ আজিৰ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয় বুলি ডিএলএছএৰ সচিব নাগিব আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

আজিৰ লোক আদালতত মুঠ ৩৮টা গোছৰ নিষ্পত্তি কৰা হয় ৷ জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে লোক আদালতত অংশগ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ মামলাসমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায়৷

অংশগ্ৰহণকাৰী সকলেও জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক প্ৰশংসা কৰে ৷ ইয়াৰোপৰি লোক আদালত আৰম্ভ হোৱাৰ পূৰ্বে কৰ্তৃপক্ষই সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুসৰি অংশগ্ৰহণকাৰীক ছেনিটাইজেছন কৰে ৷












