![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি সদৌ কাৰবি আংলং ভিত্তিত দ্বিতীয় মুকলি ভাৰ উত্তোলন, বডি বিল্ডিং আৰু পুৰুষৰ মডেল ফিজিক্স চেম্পিয়ণশ্বীপ অনুষ্ঠিত হৈ যায় ৷ আৰএনআৰ ফিটনেছ চেণ্টাৰৰ উদ্যোগত আৰু কাৰবি আংলং পাৱাৰ লিফ্টিং এছ’চিয়েছনৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

৪৫ কেজিৰ পৰা ১০৫ কেজি ওজনৰ পুৰুষ- মহিলা উভয় কেটেগৰিত খেলসমূহ খেলোৱা হয় বুলি কাৰবি আংলং পাৱাৰ লিফটিং এছ’চিয়েছন কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ মুখ্য অতিথি হিছাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে বাতৰি লিখা পৰলৈকে ইভেণ্টসমূহ চলি থকাৰ বাবে ফলাফল জনাব পৰা নহ’ল ৷












