![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আৰু অসমীয়া ভাষাত সাহিত্য চর্চা কৰা ডিফুৰ চিকাৰী তিছ’লৈ আমেৰিকাৰ লেংগুয়েজটিক ছ’চাইটিয়ে-২০২১ বর্ষৰ সন্মানীয় এক্সেলেন্ট ইন কমিউনিটি লেংগুৱেজটিক এবার্ড আগবঢ়াইছে। দীর্ঘদিনৰ পৰা কার্বি ভাষাৰ বিষয়ত নিৰলে গবেষণাৰত চিকাৰী তিছ’ই আমেৰিকাৰ গৱেষক লিন্দা কৰনাটক কার্বি ব্যাকৰণ লিখাৰ বাবে ৫ বছৰ ধৰি তিছই সহযোগিতা আগবঢ়াই আহিছিল।
বর্তমান নিজাকৈ এখন কার্বি অভিধানৰ কাম কৰি থকাৰ লগতে ৮টা জনজাতীয় ভাষাত হ’ব লগা এখন শব্দকোষৰ মুখ্য সম্পাদক ৰূপে কাম কৰি আছে। কার্বি সাধুকথা, কার্বি লোক সংস্কৃতিৰ হেৰাই যাব ধৰা সম্পদসমূহ একত্রিত কৰি প্রকাশ কৰি আহিছে। চিকাৰী তিছই। ইয়াৰ লগতে অসমৰ বিভিন্ন কাকত আলোচনীত তিছই অসমীয়া ভাষাত লিখি আহিছে বিভিন্ন প্রবন্ধ।
অহা ১৩ জানুৱাৰীত আমেৰিকাৰ পৰা আনুষ্ঠানিকভাবে ভাৰচুৱেলি তিছ’ক এই সন্মানীয় বটা প্রদান কৰা হ’ব। কভিড-১৯ মহামাৰীৰ সময়ত বছৰৰ শেষত কার্বি সাহিত্য তথা অসমলৈ অহা এই সুখবৰে বৌদ্ধিক মহলক আনন্দিত কৰিছে। আজি চিকাৰী তিছ’ব বাসগৃহত কার্বি আংলং জিলা প্রেছ ক্লাবৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট লেখক গৱেষক ধৰমছিং টেৰণ, অধ্যাপক মেগী টেৰণপী, জ্যেষ্ঠ সাংবাদিক সঞ্জ বৰা, ভৱেন বৰুৱা, জিলা প্রেছ ক্লাবৰ সভাপতি সম্পাদক কিৰি ৰংহাং, ডেনিয়েলছন বে’, স্বৰূপ লস্কৰ, ৰাজেশ থাপা প্রমুখ্যে ব্যক্তিসকলে তিছ’ৰ কর্মবাজিৰ প্রতি এয়া প্রকৃত সন্মান বুলি অভিহিত কৰে। সম্বর্ধনা গ্রহণ কৰি তিছই এইয়া কার্বি আংলঙৰ কার্বি ভাষাৰ প্রতি জনোৱা সন্মান বুলি অভিহিত কৰি এই বঁটাই তেওঁক কাম কৰাৰ বাবে অধিক প্রেৰণা যোগালে বুলি কয়।












