![]()
নিউজ ডেস্কঃ
বিপৰ্যয়ে লগ নেৰা হৈছে কংগ্ৰেছক৷ এটাৰ পিছত আনটো নিৰ্বাচনত ধাৰাবাহিক বিফলতাৰ লগতে নেতৃত্বকেন্দ্ৰিক সংঘাতত জুৰুলা কংগ্ৰেছ৷ সৰ্বাভাৰতীয় কংগ্ৰেছৰ দুৰৱস্তাৰ সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছতো বিভিন্ন খামখেয়ালিৰ সৃষ্টি হৈছে৷ সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খাবলগীয়া হৈছে দেশৰ প্ৰাচীনতম ৰাজনৈতিক দলটোৱে৷
তাৰ মাজতে আজি কংগ্ৰেছ দল ত্যাগৰ ঘোষণা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা যুৱ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে৷ তেওঁৰ পদত্যাগ-পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ। তেওঁ কংগ্ৰেছ দলৰ মুখপাত্ৰ পদৰ লগতে আৰটিআই চেলৰ সভাপতি তথা দলৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰে।
উল্লেখ্য, এসময়ৰ অখিল গগৈৰ সোঁহাতস্বৰূপ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে অচিৰেই ৰাইজৰ দলত যোগদান কৰিব বুলি একাংশই প্ৰকাশ কৰিছে৷













